সামান্য কাজিয়াতে নিজৰ প্ৰেয়সীক অতি নৃশংসতাৰে হত্যা কৰা এক লোমহর্ষক ঘটনাৰ তথ্য উন্মোচিত হৈছে দিল্লী আৰক্ষীৰ তদন্তত ৷ দিল্লী আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি আফতাব আমিন পুনাৱালা নামৰ লোকজনে নিজৰ প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ ৩৫ টুকুৰা কৰি দিল্লীৰ ভিন্নস্থানত পেলাই দিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি আফতাব আমিনে যোৱা ১৮ মে’ত তেওঁলোকৰ মাজত কাজিয়া হোৱাত তেওঁৰ লগত একেলগে বাস কৰা শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। তাৰ পিছত লোকজনে প্ৰেয়সীৰ শৰীৰটো ৩৫ টুকুৰা কৰি এটা ফ্ৰীজত ভৰাই থয় ৷ হত্যাকাণ্ডৰ ১৮ দিন পাছত তেওঁ নিশা ২ বজাত ঘৰৰ পৰা ওলাই আহি দিল্লীৰ আশে-পাশে বিভিন্ন স্থানত মৃতদেহৰ টুকুৰাবোৰ পেলাই দিয়ে।
উল্লেখ্য যে ২৬ বছৰীয়া শ্ৰদ্ধাই মুম্বাইৰ এটা বহুজাতিক কোম্পানীৰ কল চেণ্টাৰত কাম কৰিছিল য’ত তেওঁ পুনাৱালাক লগ পাইছিল।ইয়াৰ পাছতে দুয়োজনৰ মাজত প্ৰেমৰ সম্পর্ক আৰম্ভ হয় আৰু একেলগে থাকিবলৈ লয়। শ্ৰদ্ধাৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত মানি নোলোৱাত দুয়ো দিল্লীলৈ আহে। তেওঁলোকে মেহৰৌলীৰ এটা ফ্লেটত বাস কৰিবলৈ আৰম্ভ কৰিলে।
শেহতীয়াকৈ শ্ৰদ্ধাই পৰিয়ালৰ ফোনৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত ৮ নৱেম্বৰত তেওঁৰ পিতৃ বিকাশ মদনে কন্যাৰ খবৰ ল’বলৈ দিল্লীলৈ আহে ৷ কিন্তু তেওঁলোকৰ ফ্লেটটো তলা বন্ধ হৈ আছিল। তেওঁ মেহৰৌলী আৰক্ষীৰ কাষ চাপি অপহৰণৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।
তেওঁৰ অভিযোগৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুনাৱালাক। তদন্তৰ সময়ত তেওঁ প্ৰকাশ কৰে যে শ্ৰদ্ধাই বিয়াৰ কথা কোৱাৰ বাবেই দুয়োৰে মাজত সঘনাই কাজিয়া আৰম্ভ হৈছিল।আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি শ্ৰদ্ধাৰ মৃতদেহৰ সন্ধান আৰম্ভ কৰিছে ৷