আমৰলি পৰুৱাৰ ভয়ত এতিয়া ত্ৰস্তমান হৈ পৰিছে এটা দ্বীপ ৷ আমৰলি পৰুৱাৰ পৰা হ’ব সাম্ভাৱ্য বিপদক লৈ সতর্ক কৰি দিয়া হৈছে হাৱাইৰ বাসিন্দাসকলক ৷ যিকোনো সময়ত হ’ব পৰা “আমৰলি পৰুৱাৰ বৰষুণ”ৰ সতৰ্কবাণী জাৰি কৰা হৈছে দ্বীপটোত ৷ হাৱাইৰ কাউয়াইত লাখ লাখ আমৰলি পৰুৱা প্ৰত্যক্ষ কৰাৰ পাছতে এই সতর্কবাণী জাৰি কৰা হৈছে ৷ ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে দ্বীপটোত এই পৰুৱাবিধ চিনাক্ত কৰা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি লিহুয়েৰ পৰা প্ৰায় ছয় মাইল উত্তৰে পূব কাউইত অৱস্থিত ৱাইলুৱা ৰিভাৰ ষ্টেট পাৰ্কত লাখ লাখ ক্ষুদ্ৰ ক্ষুদ্ৰ আমৰলি পৰুৱা প্ৰত্যক্ষ কৰা হৈছে।
ইয়াৰ অক্ৰমণৰ ফলত পোহনীয়া জন্তু, কৃষি খণ্ড, স্থানীয় লোক আৰু হাৱাইৰ চতুৰ্থ বৃহত্তম দ্বীপটোলৈ অহা দৰ্শনাৰ্থীৰ বাবে বিপদৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে । হাৱাই চৰকাৰী বিষয়াসকলে সতৰ্কবাণী জাৰি কৰিছে যে এই পৰুৱা আকাশৰ পৰা অনবৰতে পৰি আছে আৰু মানুহৰ শৰীৰত পৰিলে কামুৰিব পাৰে ৷
হাৱাই চৰকাৰৰ ভূমি আৰু প্ৰাকৃতিক সম্পদ বিভাগে ৩ অক্টোবৰত প্ৰকাশিত জাননীত উল্লেখ কৰা অনুসৰি , “এল এফ এ (Little Fire Ant)ক বিশ্বৰ আটাইতকৈ আক্ৰমণাত্মক প্ৰজাতিৰ ভিতৰত গণ্য কৰা হয়। এল এফ এ ক্ষুদ্ৰ, ১/১৬ ইঞ্চি দীঘল, আৰু শেঁতা।পৰুৱাবিধে লাহে লাহে গতি কৰে।”
তেওঁলোকে লগতে কয় যে এই পৰুৱাৰ দংশন বিষাদজনক আৰু ই কামোৰাৰ ফলত শৰীৰ উখহি উঠিব পাৰে ৷ তদুপৰি পোহনীয়া জন্তু ইয়াৰ দংশনত অন্ধ হৈ পৰিব পাৰে ৷ । পৰুৱা বিধে মাটিত, গছ আৰু অট্টালিকা – ঘৰৰ ভিতৰত জমা হৈ আক্ৰমণ কৰিব পাৰে ৷