বিশ্বজুৰি জনসংখ্যাই আজি অতিক্ৰম কৰিব ৮ বিলিয়ন ডলাৰ ৷ মঙলবাৰে বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন হ’ব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই ৷ ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্য অনুসৰি ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন, ২০৫০ চনত ৯.৭ বিলিয়ন আৰু ২১০০ চনত ১০.৪ বিলিয়নলৈ বৃদ্ধি হ’ব ৷
সোমবাৰে বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বাৰ্ষিক বিশ্ব জনসংখ্যা সম্ভাৱনা প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে বিশ্ব জনসংখ্যা ১৯৫০ চনৰ পিছত আটাইতকৈ লেহেমীয়া হাৰত বৃদ্ধি পাইছে ৷ ২০২০ চনত ই এক শতাংশতকৈও কমলৈ হ্ৰাস পাইছে।
বিশ্বৰ জনসংখ্যা ৭ বিলিয়নৰ পৰা ৮ বিলিয়নলৈ বৃদ্ধি হ’বলৈ ১২ বছৰ সময় লাগিছিল ৷ ইয়াৰ বিপৰীতে ৯ বিলিয়ন হ’বলৈ প্ৰায় ১৫ বছৰ সময়ৰ প্ৰয়োজন হ’ব ৷ ২০২২ চনত আটাইতকৈ জনবহুল দুই অঞ্চল এছিয়াত অৱস্থিত ৷ সেই দুই অঞ্চল হৈছে পূব আৰু দক্ষিণ-পূব এছিয়া ৷ অঞ্চল দুটাৰ জনসংখ্যা হৈছে ক্ৰমে ২.৩ বিলিয়ন আৰু ২.১ বিলিয়ন জনসংখ্যা।
২০৫০ চনলৈকে বিশ্বৰ জনসংখ্যাৰ বৃদ্ধি আধাতকৈ অধিক আঠখন দেশত হ’ব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ সেই আঠখন ৰাষ্ট্ৰ হৈছে কংগো, ইজিপ্ত, ইথিওপিয়া, ভাৰত, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ আৰু তাঞ্জানিয়া।
ৰাষ্ট্ৰসংঘৰ হিচাপ অনুসৰি ২০২৩ চনৰ ভিতৰত ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ৷ আংশিকভাৱে মৃত্যুৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে জনসংখ্যা বৃদ্ধি পোৱা বুলি ভবা হৈছে ৷ বিশ্বজুৰি ২০১৯ চনত মৃত্যুৰ গড় আয়ুস ৭২.৮ বছৰ ৷ ১৯৯০ চনৰ তুলনাত এই হাৰ প্ৰায় ৯ বছৰ বৃদ্ধি পাইছে ।মৃত্যুৰ হাৰ আৰু হ্ৰাস পোৱাৰ ফলত ২০৫০ চনত বিশ্বজুৰি গড় আয়ুস হ’ব ৭৭.২ বছৰ ৷