ক’ভিডৰ পাছত বিশ্বৰ সামগ্ৰিক অর্থনৈতিক সংকটৰ আন এক কাৰণ আছিল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ৷ ফুয়োখন দেশৰ মাজত হোৱা যুদ্ধৰ পাছতে ৰাছিয়াৰ বিৰুদ্ধে একাংশ দেশে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে বিশ্বজুৰি অর্থনৈতিক সংকটৰ সৃষ্টি হৈ আহিছে ৷ ইয়াৰ মাজতে দুয়োখন দেশৰ যুদ্ধৰ অন্ত পৰাৰ দিশে গতি কৰা বুলি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ৷ তেওঁ কয় যে ইউক্ৰেইনে খেৰছন চহৰ পুনৰ দখল কৰাটো “যুদ্ধৰ অন্তৰ আৰম্ভণি” ৷
তথাপিও নাটোৰ মহাসচিব জেন্স ষ্টলটেনবাৰ্গে ইউক্ৰেইন আগন্তুক কঠিন মাহৰ সন্মুখীন হ’ব বুলি সকীয়াই দি কয় যে ৰাছিয়াৰ সামৰিক সামৰ্থ্যক তুচ্ছজ্ঞান কৰা উচিত নহয়। তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত সোমবাৰে হোৱা এক আলোচনাত ইউক্ৰেইনকে ধৰি আন অঞ্চলত কেতিয়াও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা উচিত নহয় বুলি মতপোষণ কৰে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে খেৰচনৰ মূল প্ৰশাসনিক ভৱনৰ কাষত দেশখনৰ পতাকা উত্তোলন কৰাৰ সময়ত জেলেনস্কিয়ে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ ছবি প্ৰকাশ কৰে।
জেলেনস্কিয়ে কয় যে এয়াই যুদ্ধৰ অন্ত পৰাৰ আৰম্ভণি। তেওঁ লগতে কয় , “এয়া বহু দূৰ, কঠিন পথ, কাৰণ যুদ্ধই আমাৰ দেশৰ শ্ৰেষ্ঠ নাগৰিকসকল সকলক অমাৰ মাজৰ পৰা আঁতৰাই নিলে ৷ “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ মুখপাত্ৰই এই কথা অস্বীকাৰ কৰি কয় যে ইউক্ৰেইনৰ নেতাগৰাকীৰ এই ভ্ৰমণে খেৰচন অঞ্চলৰ মৰ্যাদাত কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই।
শুকুৰবাৰে ৰাছিয়াই নিজৰ বাহিনী পিছুৱাই নিয়াৰ পিছত ইউক্ৰেইনৰ সৈন্যই খেৰচন অঞ্চলৰ প্ৰশাসনিক কেন্দ্ৰত প্ৰৱেশ কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে জেলেনেস্কিয়ে এই ভ্ৰমণ কৰিছে ।