প্ৰবীণ তেলেগু অভিনেতা তথা দাক্ষিণাত্য ছবি জগতৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ পিতৃ কৃষ্ণৰ আজি বিয়োগ ঘটে ৷ হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত হায়দৰাবাদৰ এখন ব্যক্তিগত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত তেওঁক ভর্ত্তি কৰোৱা হৈছিল যদিও মঙলবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ছুপাৰষ্টাৰ মহেশ বাবুৰ পিতৃ কৃষ্ণক সোমবাৰে পুৱাৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰি ভেণ্টিলেটৰত ৰখা হয়।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পিছত বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁক চিকিৎসা কৰি আছিল। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, মঙলবাৰে পুৱা ৪ বজাত অভিনেতাগৰাকীৰ মৃত্যু হয়।
ঘট্টামনেনী শিৱ ৰাম কৃষ্ণ মূৰ্তি হৈছে কৃষ্ণৰ প্ৰকৃত নাম ৷ ৩৫০খনৰো অধিক ছবিত অভিনয় কৰিছিল ৷ তেলেগু ছবিজগতৰ তেওঁ আছিল অন্যতম শীৰ্ষ অভিনেতা । তেওঁ এজন সফল পৰিচালক আৰু প্ৰযোজক আছিল। ২০০৯ চনত তেওঁক পদ্মভূষণেৰে সন্মানিত কৰা হয়।
কৃষ্ণ আছিল টিডিপি নেতা জে গাল্লাৰ শহুৰেক । আশীৰ দশকত কংগ্ৰেছত যোগদান কৰি সাংসদ হৈছিল যদিও প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত তেওঁ ৰাজনীতি ত্যাগ কৰিছিল।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত তেওঁৰ পত্নী আৰু মহেশ বাবুৰ মাতৃ ইন্দিৰা দেৱীৰ মৃত্যু হয়। জানুৱাৰী মাহত তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰমেশ বাবুৰ মৃত্যু হয়। তেওঁৰ দ্বিতীয় পত্নীঅভিনেত্ৰী বিজয়া নিৰ্মলাৰ ২০১৯ চনত মৃত্যু হৈছিল।