দৰং জিলাৰ ধূলাত এগৰাকী আদিবাসী কিশোৰীক নির্মমভাৱে হত্যা কৰা ঘটনাত ভুৱা মৰণোত্তৰ প্ৰতিবেদন প্ৰদান কৰা তিনি চিকিৎসকৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল ৷ মঙলদৈৰ তিনি চিকিৎসক অৰুণ চন্দ্ৰ ডেকা. অজন্তা বৰদলৈ আৰু অনুপম শর্মাৰ জামিন আজি মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ যোৱা ৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওগৰাকী চিকিৎসকক ৷ আদিবাসী কিশোৰী গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱাকৈ প্ৰস্তুত কৰা বুলি তিনিও চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ ভিত্তিতে তেওঁলোকক তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷
কিন্তু গ্ৰেপ্তাৰৰ এসপ্তাহৰ পাছতে তেওঁলোকে জামিন লাভ কৰাৰ লগে লগে কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ তদন্ত কোন দিশে গতি কৰিছে তাক লৈ ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে ৷ এই তদন্তত এতিয়াও আৰক্ষীয়ে যোগাৰ কৰিব পৰা নাই নেকি সঠিক সাক্ষ্য-প্ৰমাণ ৷ যাৰ বাবে উচ্চ ন্যায়ালয়ৰ মজিয়াত চৰকাৰী পক্ষৰ অধিবক্তাই জামিনৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত সবল যুক্তি প্ৰদর্শন কৰিব নোৱাৰিলে নেকি ? নে এজনকৈ এজনকৈ অভিযুক্ত এনেদৰেই ওলাই যাব মুকলি আকাশৰ তললৈ ?