আজিৰ পৰা কিছুদিন আগতে আমি ব্ৰিটেইনৰ এজন ব্যক্তিয়ে ঘৰত থাকি আমনি লগাৰ বাবেই ‘বিশ্বৰ আটাইতকৈ বিপজ্জনক উদ্ভিদ’ৰ খেতি কৰা বুলি জানিব পাৰিছিলোঁ ।আনহাতে অক্সফৰ্ডৰ ডেনিয়েল এম্লিন-জোন্সে লালন-পালন কৰিছিল ‘ডেণ্ড্ৰক্নাইড ম’ৰ’ ইডছ’ নামৰ যন্ত্ৰণাদায়ক, বিষাক্ত দংশন কৰিব পৰা অষ্ট্ৰেলিয়া আৰু মালয়েছিয়াৰ এবিধ থলুৱা বিষাক্ত উদ্ভিদক ।
‘ডেণ্ড্ৰক্নাইড মৰ’ইডছ’ক ‘জিম্পি-জিম্পি’ বা ‘আত্মহত্যাকাৰী উদ্ভিদ’ বুলিও কোৱা হয়। ভুক্তভোগীৰ ছালৰ পৰা ইয়াৰ চেঁচা চুলিবোৰ আঁতৰাই নিদিয়ালৈকে এই উদ্ভিদজোপাই ভূক্তভোগীক ‘এবছৰতকৈও অধিক সময় ধৰি অত্যাচাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে ডেনিয়েল এম্লিন-জোন্সৰ ‘জিম্পি-জিম্পি’ক ‘বিপদ’ বুলি লিখা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে।
কিন্তু শেহতীয়াকৈ ব্ৰিটেইনৰ এগৰাকী মহিলাই বিচাৰি উলিয়াইছে ‘বিশ্বৰ আটাইতকৈ মাৰাত্মক ফুল গছজোপা’ ৷ এখন ৰাজহুৱা ফুলনিত মুকলিকৈ গজি উঠা এই গছজোপাত আছে চাইনাইডতকৈও ৬ হাজাৰ গুণ বেছি বিষাক্ত পদাৰ্থ।মহিলাগৰাকীয়ে দেখা পোৱা এই ফুলপাহক ‘চিনাছ কমিউনিছ’ বুলি জনা যায়। ‘ৰিচিনাছ কমিউনিছ’ হৈছে ‘গিনিজ বুক অৱ ৰেকৰ্ডছ’ত বিশ্বৰ আটাইতকৈ বিষাক্ত ফুল হিচাপে স্থান লাভ কৰা ফুল ।
নাম প্ৰকাশ কৰাত অনিচ্ছুক এই মহিলাগৰাকীয়ে উত্তৰ ৱেলছৰ কনৱিত এখন ফুলনিৰ কাষেৰে খোজ কাঢ়ি গৈ থাকোঁতে মুকলিকৈ গজি উঠা মাৰাত্মক ফুলপাহ দেখা পাইছিল আৰু তেওঁ তৎক্ষণাৎ স্থানীয় লোকসকলক এই সম্পৰ্কে সতৰ্ক কৰি দিছিল ।