গোলাঘাট জিলাত দুমাহ পূৰ্বে নিযুক্তি প্ৰদান কৰা আৰক্ষী অধীক্ষক আই পি এছ ডাঃ ৰবীন কুমাৰ হঠাৎ বদলিৰ নিৰ্দেশ অহাৰ মূলতে এতিয়া ফাদিল হৈছে প্ৰকৃত ঘটনাৰ ৰহস্য।
ঘটনা অনুসৰি যোৱা ৯ জুলাইত কাৰ্ফিউ চলি থকাৰ মাজতে চহৰখনৰ মাজমজিয়াৰ টোকানি চাৰ্কোলত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত দুজন ব্যৱসায়ী উঠি অহা এএচ০১ইএম ৮২৪৯ নম্বৰৰ গাড়ীত এটা আপেলৰ কাৰ্টুনৰ ভিতৰত প্ৰায় ৫০ লাখ টকা উদ্ধাৰ হৈছিল।
বিগত সময়ছোৱাত এই বৃ্হৎ পৰিমাণৰ ধন খিনিৰ প্ৰকৃত হিচাপ বা তদন্তৰ সন্দৰ্ভত গোলাঘাট আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ প্ৰকাশ কৰা নাছিল। আনকি ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোনো গোচৰো তৰা হোৱা নাছিল।
যদিও চহৰখনৰ সাংবাদিক সকলৰ বিশেষ তৎপৰতাত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাত অৱশেষত জিলা আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে এক সংবাদমেলৰ যোগেদি সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি কোৱাৰ লগতে উদ্ধাৰ হোৱা ধনৰাশিৰ পৰিমাণ ৪৯ লাখ ৯০ হাজাৰ ৫ শ টকা বুলি উল্লেখ কৰে।
খবৰ অনুসৰি এই বৃ্হৎ টকাখিনি তদানীন্তন আৰক্ষী বিষয়া দীপক বৰাৰ যোগেদি মুখ্যমন্ত্ৰীৰ এজন বিতৰ্কিত অএচডি লৈ পঠোৱাৰ কথা আছিল।এই খবৰ লাভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শূণ্য সহনশীল নীতিৰে ছিণ্ডিকেট ৰাজৰ এই সমস্ত ঘটনাৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংক অৰ্পণ কৰে।
জি পি সিঙৰ নেতৃত্বত কাজিৰঙাৰ আইবি ত চলা তদন্তত জিলা আৰক্ষী অধীক্ষকে দাখিল কৰা হিচাপৰ পৰিমাণতকৈ কাৰ্টুনটোত প্ৰায় ৫০লাখ বেছি অৰ্থাৎ ১ কোটি থকাৰ কথা পোহৰলৈ আহে। এতিয়া প্ৰশ্ন উঠিছে বাকী ৫০ লাখ টকা কলৈ গ’ল? ইফালে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তদন্তৰ মাজলৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সহ দুই ব্যৱসায়ী আৰু তদানীন্তন আৰক্ষী বিষয়া দীপক বৰা, বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ কলিতা, কনিষ্টবল বিজয় সিং,ইমৰান হুছেইনক জেৰা কৰে।
জেৰাৰ অন্তত কণিষ্ঠ আৰক্ষীয়ে দিলে সঠিক আৰু বিশ্বাসযোগ্য উত্তৰ।ইয়াৰপিছতে গোলাঘাট আৰক্ষী থানাত এক গোচৰ তৰা হ‘য়। জব্দকৃত অতিৰিক্ত ধনৰ হিচাপ বিচাৰি আৰক্ষী অধীক্ষক ৰবীন কুমাৰক কৰা জেৰাৰ অন্তত জিলা আৰক্ষী অধীক্ষক জনে দোষ সাৰিবলৈ তলৰ আৰক্ষীক ঠেলিলে সমস্ত দোষ।লগে লগে গোলাঘাটৰ আৰক্ষী অধীক্ষক জনক তৎকালীনভাৱে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিলে জি পি সিঙে ।
অৱশেষত ফাদিল হ’ল ব্যৱসায়ীৰ পৰা ধন লুট কৰা আৰক্ষীৰ এক বৃ্হৎ ছিণ্ডিকেটৰাজ । কেনেকৈ ধনৰ লোভত আৰক্ষী অধীক্ষক ৰবীন কুমাৰে ছিণ্ডিকেট ৰাজৰ যোগেদি সংগ্ৰহ কৰিছিল মোটা অংকৰ ধন।অৱশেষত ধন আত্মসাৎ কৰাৰ অভিযোগত জিলা খনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আই পি এচ ডাঃ ৰবীন কুমাৰক জিলাখনৰ পৰা বদলি কৰি অসম পুলিচ মুখ্য কাৰ্যালয়ত নিযুক্তি দিয়ে।