উজ্বল ফটফটীয়া বগা ৰঙৰ অধিকাৰী হ’বলৈ সকলোৰে মন যায়। কিন্তু জন্মগত ভাৱে সকলোৱে একে ৰঙৰ হৈ নাহে। এই নিয়ম সমূহ মানিলে উজ্বল , পৰিষ্কাৰ , বগা ৰঙৰ নিশ্চয় হ’ব পাৰি। জানো আহক —
১) ভাত :- সকলোৰে ঘৰত ভাত ৰান্ধা হয় আৰু কম-বেছি পৰিমাণে সদায় ভাত ৰাহি হয়। এই ভাত দিয়ে আমি ৰূপ-চৰ্চা কৰিব পাঁৰো। এটা বাটিত ভাত লৈ পিটিকি ল’ব লাগে আৰু পিটিকা ভাত খিনিত কেঁচা গাখীৰ মিহলাই মিক্সিত দি এটা ডাঠ পেষ্ট বনাই ল’ব লাগে। তৈয়াৰ হোৱা পেষ্ট খিনি ফ্ৰিজত থৈ দিব লাগে। আৰু এই পেষ্টটোক নাইট ক্ৰিম হিচাপে ব্যৱহাৰ কৰিব পাৰি।
২) ভাতৰ মাৰ :- ভাত ৰান্ধাৰ পিছত ভাতৰ মাৰ পেলাই দিয়া হয়। এই মাৰ খিনি পেলাই নিদি টনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। যদি মাৰখিনি ডাঠ হোৱা যেন অনুভৱ হয় তেন্তে তাৰ লগত গ্ৰিণটি , তিয়ঁহৰ ৰস বা গোলাপজল মিহলাই ল’ব লাগে। নাইবা গোটেইখিনি একেলগ কৰি মিহলাই কাঁচৰ বটলত ভৰাই ফ্ৰিজত থৈ দিব লাগে। মাজে মাজে কঁপাহেৰে গোটেই মুখত ভাল কৰি লগাই দিব লাগে। এনে কৰিলে মুখৰ বৰণ উজ্বল , পৰিষ্কাৰ আাৰু বগা হৈ উঠিব।
৩) চাউল ধোৱা পানী :- ভাত ৰান্ধাৰ আগতে চাউল তিয়াই থোৱা হয়। চাউল ধুই লোৱাৰ সময়ত পানী খিনি পেলাই দিয়া হয়। কিন্তু এই চাউল ধোৱা পানী খিনি আমাৰ ছালৰ কাৰণে খুবেই উপকাৰী। চাউল ধোৱা পানী খিনি কাঁচৰ বটলত সোমাই ফ্ৰিজত থব লাগে। এই পানী খিনি ভাল স্কিন টনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। অকল স্কিনেই নহয় এই পানীখিনি চুলিৰ বাবেও উপকাৰী। এই পানীৰে মূৰ ধুলে চুলি অতি সোনকালে দীঘল হয়।
এলাৰ্জীৰ অসুবিধা থাকিলে এইবোৰ ব্যৱহাৰ কৰাৰ আগতে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।