জি-২০ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মাজত হোৱা বৈঠকৰ পাছতে ব্ৰিটিছ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এতিয়াৰে পৰা প্ৰতি বছৰে ব্ৰিটেইনত কাম কৰিবলৈ ভাৰতৰ তিনি হেজাৰ যুৱ পেছাদাৰীয়ে ভিছা লাভ কৰিব ৷ প্ৰধানমন্ত্ৰী ছুনাকে এি পদক্ষেপত ইতিমধ্যে অনুমোদন প্ৰদান কৰিছে ৷ যোৱা বছৰ চুক্তিবদ্ধ হোৱা ব্ৰিটেইন-ইণ্ডিয়া মাইগ্ৰেচন এণ্ড মবিলিটি পাৰ্টনাৰশ্বিপৰ ওপৰত আলোকপাত কৰি ভাৰত এনে আঁচনিৰ দ্বাৰা লাভৱান হোৱা প্ৰথমখন দেশ বুলি উল্লেখ কৰে ব্ৰিটিছ চৰকাৰে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে আজি ব্ৰিটেইন-ভাৰত যুৱ পেছাদাৰী আঁচনি নিশ্চিত কৰা হয় ৷ ইয়াৰ অধীনত ১৮-৩০ বছৰীয়া শিক্ষিত ভাৰতীয় নাগৰিকক ব্ৰিটেইনলৈ আহি দুবছৰলৈকে থকাৰ লগতে কাম কৰাৰ সুবিধা লাভ কৰিব ৷
ছুনাকে জি-২০ শীৰ্ষ সন্মিলনৰ ১৭ সংখ্যক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ কেইঘণ্টামানৰ পিছতে ব্ৰিটিছ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা মাহত ভাৰতীয় মূলৰ প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুই প্ৰধানমন্ত্ৰীৰ মাজত এয়া আছিল প্ৰথম বৈঠক । একেদৰে ব্ৰিটেইনৰ ১৮-৩০ বছৰীয়া শিক্ষিত নাগৰিকেও ভাৰতলৈ আহি দুবছৰ পৰ্যন্ত থাকিবলৈ আৰু কাম কৰিবলৈ সুবিধা লাভ কৰিব ৷
ব্ৰিটিছ চৰকাৰে এক বিবৃতিত কয় যে এই আঁচনিখনৰ আৰম্ভণিয়ে দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী কৰিব ৷ব্ৰিটেইনৰ সকলো আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰায় এক চতুৰ্থাংশ ভাৰতৰ ৷ তদুপৰি ব্ৰিটেইনত ভাৰতীয় লোকসকলৰ বিনিয়োগে সমগ্ৰ ব্ৰিটেইনতে ৯৫,০০০ চাকৰি সৃষ্টি কৰিছে ৷