বহুতো লোকৰ আধাৰ কাৰ্ডত দিয়া ফটো পচন্দৰ নহয়। কাৰণ আধাৰ কাৰ্ডৰ ফটো তোলাৰ বাবে কোনো বিশেষ কেমেৰা নাথাকে আৰু কোনো নিৰ্দিষ্ট নিৰ্দেশনাও নাথাকে যে ফটোখন কোনো বিশেষ ৰঙৰ বেকগ্ৰাউণ্ডত তুলিব লাগিব।ফলত অনেক লোকৰ ফটো সিমান ভাল নহয়।
আনহাতে ফটোৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট নিৰ্দেশনা নথকাৰ বাবে বহুতো লোকে কেতিয়াবা অস্পষ্ট ফটোও দিয়া দেখা যায়, যাৰ ফলত কাৰ্ড ব্যৱহাৰকাৰীজনক চিনাত অসুবিধাৰ সৃষ্টি হয়।
কিন্তু এতিয়া আধাৰ কাৰ্ডত থকা নিজৰ ফটো সলনি কৰিব বিচাৰিলে অতি সহজতে সেই কাম কৰিব পৰা যায়। UIDAI ৰ জৰিয়তে আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰিলে আধাৰ কেন্দ্ৰলৈ গৈহে অফলাইনত সেই কাম কৰিব লাগিব।
আধআৰ কাৰ্ডত ফটো সলনি কৰিবৰ বাবে কি কৰিব লাগিব সেই কথা উল্লেখ কৰা হ’ল-
- প্ৰথমে UIDAI ৰ অফিচিয়েল ৱেবচাইট https://uidai.gov.in ত যাব লাগিব। আৰু তাত থকা Get AADHAAR অপচনলৈ যাব লাগিব।
- Get AADHAAR অপচনলৈ গৈ আধাৰ এনৰোলমেন্ট ফৰ্ম বা আধাৰ কাৰেকচন ফৰ্ম ডাউনল’ড কৰি সেই ফৰ্ম ভালদৰে পূৰণ কৰিব লাগিব।
- ইয়াৰ পাচত আধাৰ এনৰোলমেন্ট চেন্টাৰলৈ গৈ তাত থকা কৰ্মৰত ব্যক্তিৰ হাতত সেই ফৰ্ম জমা দিব লাগিব।
- আঙুলীৰ চাপ , চকুৰ ৰেটিনা স্কেন আৰু ব্যৱহাৰকাৰীৰ ফটো কেন্দ্ৰত পুনৰবাৰ লোৱা হ’ব।
- আনহাতে আধাৰ কাৰ্ডৰ কোনো তথ্য আপডেট কৰিবলৈ হ’লে ৫০ টকা মাচুল হিচাপে দিব লাগিব।
- ইয়াৰ পাচত আপডেট ৰিকুৱেষ্ট নম্বৰ (Update Request Number) সহ এখন একন’লেজমেন্ট শ্লিপ (Acknowledgement slip) দিয়া হ’ব।
- ফটো আপডেট হৈছে নে নাই সেই কথা জানিবৰ বাবে এই URN নম্বৰ ব্যৱহাৰ কৰা হয়।
- আপডেট হোৱাৰ পাচত , নিৰ্দিষ্ট সময় অনুযায়ী ডাউনল’ড কৰিব লাগিব আপডেটেড আধাৰ কাৰ্ডখন।
- তথ্য আপডেট কৰাৰ ৯০ দিনৰ পাচত, নতুন ফটো সহ এখন নতুন আধাৰ কাৰ্ড ৩ মাহৰ ভিতৰত পোৱা যাব।
UIDAI ৰ আঞ্চলিক কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিও আধাৰ কাৰ্ড সংশোধনৰ বিষয়ে লিখিব পৰা যায়-
- সৰ্বপ্ৰথমে UIDAI ৰ অফিচিয়েল ৱেবচাইটলৈ যাব লাগিব।
- আধাৰ কাৰ্ড আপডেট ফৰ্মখন ডাউনল’ড কৰি সমস্ত তথ্য শুদ্ধ ৰূপত লিখি পূৰণ কৰিব লাগিব।
- ফৰ্মখন পূৰণ কৰাৰ পাচত UIDAI ৰ আঞ্চলিক কাৰ্যালয়লৰ ঠিকনাত আধাৰ কাৰ্ড সংশোধনৰ বাবে এখন পত্ৰ লিখি তাৰ লগত নিজৰ চহী থকা ফটো সংযুক্ত কৰি পোষ্ট কৰিব লাগিব।
- এই কাৰ্য্য ৰ ২ সপ্তাহৰ ভিতৰত নতুন ফটো সহ এখন আধাৰ কাৰ্ড পোৱা যাব।