আগন্তুক জি-২০ সন্মিলনত ভৰতৰ সভাপতিত্বই উন্নয়নশীল দেশসমূহৰ ডিজিটেল বিভাজন দূৰ কৰাৰ লগতে ডিজিটেল প্ৰযুক্তি আৰু পৰিৱৰ্তনৰ পৰা অধিক লাভ নিশ্চিত কৰিব ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বালিত অনুষ্ঠিত জি-২০ সন্মিলনত ডিজিটেল ৰূপান্তৰৰ ওপৰত এক অধিবেশনত ভাষণ দি মোদীয়ে জি-২০ৰ আন নেতাসকলক আগন্তুক দশকত ডিজিটেল ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ‘উন্নয়নৰ বাবে তথ্য’ৰ নীতি ভাৰতত অনুষ্ঠিত হ’বলগীয়া সন্মিলনৰ সামগ্ৰিক বিষয়বস্তু ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ অবিচ্ছেদ্য অংগ হ’ব।
তেওঁ কয় – ‘ভাৰতত আমি সাধাৰণ ৰাইজৰ বাবে ডিজিটেল সেৱা প্ৰদান কৰি আহিছো ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়াও বৃহৎ ডিজিটেল বিভাজন আছে। বিশ্বৰ প্ৰায়বোৰ উন্নয়নশীল দেশৰ নাগৰিকৰ কোনো ধৰণৰ ডিজিটেল পৰিচয় নাই। মাত্ৰ ৫০খন দেশতে ডিজিটেল পেমেণ্ট চিষ্টেম আছে। আমি একেলগে এটা প্ৰতিশ্ৰুতি ল’ব পাৰোনে যে অহা ১০ বছৰত আমি প্ৰতিজন নাগৰিকৰ জীৱনলৈ ডিজিটেল ৰূপান্তৰ আনিম, যাতে বিশ্বৰ কোনো ব্যক্তি ডিজিটেল প্ৰযুক্তিৰ সুবিধাৰ পৰা বঞ্চিত নহয়।” মোদীয়ে কয় যে ২০২৩ চনত জি-২০ৰ সভাপতিত্বৰ সময়ত ভাৰতে এই লক্ষ্যত উপনীত হ’বলৈ সন্মিলনৰ ২০ খন দেশৰ সৈতে একেলগে কাম কৰিব ৷
জি-২০ৰ বৰ্তমানৰ সভাপতি ইণ্ডোনেছিয়াই বালিত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাৰতক সভাপতি পদ অৰ্পণ কৰিব। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’ব পৰৱৰ্তী শীৰ্ষ সন্মিলন। ডিজিটেল ইছ্যু আৰু বহুপক্ষীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ ভাৰতৰ জি-২০ সভাপতিত্বৰ বাবে কেন্দ্ৰীয় বিষয়সমূহৰ ভিতৰত অন্যতম।
ডিজিটেল ৰূপান্তৰক ‘বর্তমান যুগৰ আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন’ বুলি অভিহিত কৰি মোদীয়ে কয় যে দশক দশক ধৰি চলি থকা বিশ্বব্যাপী দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজখনত ডিজিটেল প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ সহায় কৰিব পাৰে। ‘জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াতো ডিজিটেল সমাধান সহায়ক হ’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে ৷ মোদীয়ে কয় যে এই সুবিধাসমূহ তেতিয়াহে উপলব্ধি কৰা হ’ব যেতিয়া ডিজিটেল প্ৰৱেশ প্ৰকৃততে সৰ্বাংগীন হ’ব আৰু ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ ব্যাপক হ’ব। ডিজিটেল ৰূপান্তৰৰ সুবিধা যাতে মানৱ জাতিৰ এটা সৰু অংশৰ মাজতে সীমাবদ্ধ নাথাকে তাৰ বাবে জি-২০ৰ নেতাসকল দায়বদ্ধ বুলি মোদীয়ে কয়।
ভাৰতৰ ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউপিআই)ৰ উদাহৰণ দি তেওঁ কয় যে যোৱা বছৰ বিশ্বৰ ৰিয়েল টাইম পেমেণ্ট লেনদেনৰ ৪০%তকৈ অধিক ইউপিআইৰ জৰিয়তে কৰা হৈছিল।