মেটাৰ মালিকানাধীন মেছেজিং প্লেটফৰ্ম হোৱাটছএপে এতিয়া ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছে আন কেইবাটাও নতুন নতুন সুবিধা ৷ এতিয়াৰ পৰা এই এপ ব্যৱহাৰকাৰী সকলক একাধিক ডিভাইচৰ সৈতে একাউণ্ট সংলগ্ন কৰাৰ অনুমতি দিছে হোৱাটছএপে ।
এক প্ৰতিবেদন অনুসৰি নতুন ফ্ৰেণ্ড মোডে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্ৰাথমিক একাউণ্টত স্মাৰ্টফোন সক্ৰিয় আৰু সংলগ্ন কৰাত সহায় কৰিব। প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য এণ্ড্ৰইড সংস্কৰণ ২.২২.২৪.১৮ৰ শেহতীয়া হোৱাটছএপ বিটাত অন্তৰ্ভুক্ত কৰা হৈছে।আনহাতে এতিয়া ব্যৱহাৰকাৰীয়ে নিজৰ হোৱাটছএপ একাউণ্টটো চাৰিটা এণ্ড্ৰইড হেণ্ডছেটৰ সৈতে সংলগ্ন কৰিব পাৰিব।লগতে ব্যৱহাৰকাৰীয়ে সকলো ডিভাইচতে হোৱাটছএপৰ সকলো সুবিধা লাভ কৰিব পাৰিব। য’ত বাৰ্তা এনক্ৰিপচনো অন্তৰ্ভুক্ত কৰা হৈছে।
এই সেৱাৰ বাবে বিটা ব্যৱহাৰকাৰীসকলে পঞ্জীয়ন পৰ্দাত ছেটিংছ মেনুৰ অন্তৰ্গত ড্ৰপডাউন মেনুৰ পৰা ‘এটা ডিভাইচ সংযোগ কৰক’ নিৰ্বাচন কৰি ইয়াক কম্পেনিয়ন মোডত সক্ৰিয় কৰিব লাগিব ৷অৱশ্যে বৰ্তমান সীমিত সংখ্যক বিটা ব্যৱহাৰকাৰীয়ে এই বৈশিষ্ট্য ব্যৱহাৰ কৰিছে যদিও অতি সোনকালে ইয়াক সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰি দিয়া হ’ব।
জানিব পৰা মতে হোৱাটছএপে গ্ৰুপ নোটিফিকেচন এলাৰ্ট স্বয়ংক্ৰিয়ভাৱে ম্যুট কৰি ব্যৱহাৰকাৰীৰ একাউণ্টত অত্যাধিক ন’টিফিকেচন হ্ৰাস কৰিবলৈ বিটা সংস্কৰণো পৰীক্ষা কৰি আছে। লগতে এই এপটোৱে শেহতীয়াকৈ গ্ৰুপ চাটত অংশগ্ৰহণকাৰীৰ সীমা ২৫৬ৰ পৰা ১০২৪লৈ বৃদ্ধি কৰিছে।