দেশৰ কোন অঞ্চলত আক্ৰমণ সংঘটিত হৈছে তাৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া কেতিয়াও ভিন্ন হ’ব নোৱাৰে ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ দিল্লীত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ বিত্তীয় বিৰোধী সন্মিলনত ভাষণ প্ৰদান কৰি আজি তেওঁ লগতে কয় যে সকলো সন্ত্ৰাসবাদী আক্ৰমণ সমানে গৰিহণা আৰু প্ৰত্যুত্তৰৰ যোগ্য ৷ বিশ্বই ইয়াক গুৰুত্বসহকাৰে লক্ষ্য কৰি লোৱাৰ বহু আগতেই আমাৰ দেশখনে সন্ত্ৰাসবাদৰ অন্ধকাৰ দিশটোৰ সৈতে সন্মুখীন হৈছিল বুলিও মোদীয়ে মন্তব্য কৰে ৷
ভাষণ প্ৰসংগত মোদীয়ে কয় -“দশক দশক ধৰি বিভিন্ন নাম আৰু ৰূপত সন্ত্ৰাসবাদে ভাৰতক আঘাত দিবলৈ চেষ্টা কৰিছিল। আমি বহু লোকক হেৰুৱাব লগীয়া হৈছে ৷ কিন্তু আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজিছো। এটা আক্ৰমণো আমাৰ বাবে বহু বেছি ৷ এটা জীৱন হেৰুৱাটো আমাৰ বাবে অতি বেছি। গতিকে, সন্ত্ৰাসবাদক সমুলঞ্চে উভালি নেপেলোৱালৈকে আমি জিৰণি নলওঁ।’ সন্ত্ৰাসবাদৰ দীৰ্ঘম্যাদী প্ৰভাৱ দৰিদ্ৰ লোকৰ ওপৰত আৰু স্থানীয় অৰ্থনীতিক প্ৰভাৱন্বিত কৰে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অনবৰতে ভাবুকিৰ সন্মুখীন হোৱা অঞ্চল কোনেও ভাল নাপায়। আৰু ইয়াৰ বাবেই মানুহৰ জীৱিকা কাঢ়ি লোৱা হয়। সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ মূলতে আমি আঘাত কৰাটো অধিক প্ৰয়োজনীয় ।”আফগানিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বৈঠকত অংশগ্ৰহণ নকৰা পাকিস্তানৰ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান বিশেষ দেশে নিজৰ বৈদেশিক নীতিৰ অংশ হিচাপে সন্ত্ৰাসবাদীক সমৰ্থন কৰে।এনে দেশৰ ওপৰত জৰিমনা দিব লাগে বুলিও তেওঁ কয় ৷
এক বিবৃতিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ’) কয় যে এই সন্মিলনে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰ আৰু সংগঠনসমূহৰ বাবে সন্ত্ৰাসবাদ বিৰোধী বিত্তীয় সাহায্যৰ ক্ষেত্ৰত বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ফলপ্ৰসূতাৰ লগতে উদীয়মান প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰিব ৷ ২০১৮ চনৰ এপ্ৰিল মাহত পেৰিছত আৰু ২০১৯ চনৰ নৱেম্বৰ মাহত মেলবৰ্ণত ইয়াৰ পূর্বে এই বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷