টাটা গ্ৰুপে নিজৰ চাৰিটা বিমান সংস্থা ব্ৰেণ্ডক এয়াৰ ইণ্ডিয়া লিমিটেডৰ অধীনত একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে ৷ নতুনকৈ প্ৰতিষ্ঠানটোক লাভজনক কৰি তোলাৰ বাবে এই পৰিকল্পনা গ্ৰহণ কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ছিংগাপুৰ এয়াৰলাইন্স লিমিটেডৰ স্থানীয় সংযুক্ত প্ৰতিষ্ঠান ভিষ্টাৰা ব্ৰেণ্ড বাতিল কৰাৰ কথা চিন্তা কৰিছে টাটা গ্ৰুপে ৷ নতুন স্বত্ত্বাধিকাৰী টাটাই এয়াৰ ইণ্ডিয়াক পুনৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে গঢ়িবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ সংস্থাটোৱে ৩০০খন নেৰ’ বডি জেট বিমানৰ অৰ্ডাৰ দিয়াৰ কথা চিন্তা কৰিছে ৷ যিটো বাণিজ্যিক বিমান পৰিবহণৰ ইতিহাসত এতিয়ালৈকে হোৱা অন্যতম বৃহৎ অৰ্ডাৰ হিচাপে বিবেচিত হৈছে ৷ এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী কেম্পবেল উইলছনে যোৱা মাহত কয় যে বিমান সংস্থাটোৱে পাঁচ বছৰৰ ভিতৰত বর্তমানৰ ১১৩খন বিমানৰ সংখ্যা তিনিগুণলৈ বৃদ্ধি কৰিব ৷
যোৱা বছৰৰ অক্টোবৰ মাহত টাটাক ২.৪ বিলিয়ন ডলাৰৰ বিনিময়ত এয়াৰ ইণ্ডিয়া বিক্ৰী কৰা হৈছিল ৷ ভিষ্টাৰা, এয়াৰ এছিয়া, এয়াৰ ইণ্ডিয়া একত্ৰীকৰণ ২০২৩ চনৰ শেষৰ ফালে সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।