আজি ভাৰতৰ প্ৰথমগৰাকী তথা এইপৰ্যন্ত একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওপজা দিন । ১৯১৭ চনৰ আজিৰ দিনটোতে এলাহাবাদত জন্ম তেওঁ লাভ কৰিছিল । তেওঁ আছিল দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কন্যা । তেওঁ দেশৰ স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবাসো খাটিছিল । মহাত্মা গান্ধীৰ আঁচনি অনুসৰি তেওঁ চৰ্খা সংঘ প্ৰতিষ্ঠা কৰিছিল আৰু চৈধ্য বছৰ বয়সতে বানৰ সেনা গঠন কৰিছিল । তেওঁ ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈ আৰু ১৯৮০ চনৰ ১৪ জানুৱাৰীৰ পৰা ১৯৮৪ চনৰ ৩১ অক্টোবৰলৈ দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল । তেওঁৰ কাৰ্যকালত কৰা উল্লেখযোগ্য কামসমূহৰ ভিতৰত অন্যতম হ’ল ব্যক্তিগত মালিকানাধীন ১৪টা বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ আৰু তেনেদৰে তেওঁৰ আটাইতকৈ সমালোচিত কামটো আছিল দেশত জৰুৰীকালীন অৱস্থাৰ প্ৰৱৰ্তন । ১৯৭১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি অসমত আধুনিক চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক ছাৰ জন বেৰী হোৱাইটৰ স্মৃতি দিৱস । ব্ৰিটিছৰ আমোলত তেওঁ আছিল বেংগল মেডিকেল ছাৰ্ভিচৰ অসামৰিক শল্য চিকিৎসক । ১৯৫৭ চনত তেওঁ উজনি অসমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগৰাকী সহকাৰী শল্য চিকিৎসক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । তেওঁ আছিল ডিব্ৰুগড়-মাৰ্ঘেৰিটা ৰেল আলি স্থাপনৰো অগ্ৰণী ব্যক্তি । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আধুনিক চিকিৎসা বিজ্ঞানৰ ধাৰা প্ৰৱৰ্তনৰ হোতা আছিল তেওঁ । তেওঁৰ জীৱনৰ কষ্টোপাৰ্জিত সমস্ত সঞ্চয় ৫০,০০০ টকাৰে তেওঁ ডিব্ৰুগড়ত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপনৰ বাবে দান কৰাৰ কথা মৃত্যুৰ পূৰ্বে তেওঁৰ ইচ্ছাপত্ৰত উল্লেখ কৰি থৈ গৈছিল । পিছত সেই ধনেৰে আৰু অসম মেডিকেল কাউন্সিলৰ বিত্তীয় সাহায্যৰে ডিব্ৰুগড়ত তেওঁৰ স্মৃতিতে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰা হয়, যাৰ আজিৰ ৰূপ অসম মেডিকেল কলেজ এণ্ড হাস্পতাল । ১৮৯৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সংগীত পৰিচালক সলিল চৌধুৰীৰ ওপজা দিন । ১৯২২ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ চব্বিচ পৰগণা জিলাৰ চিংড়িপোতাত তেওঁৰ জন্ম হৈছিল । তেওঁ মুখ্যতঃ বাংলা চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল যদিও হিন্দী, অসমীয়া, তামিল আদি আন ভাষাৰ চলচ্চিত্ৰৰ সংগীতো পৰিচালনা কৰিছিল । তেওঁ পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন আছিল অপৰাজেয় । এই চলচ্চিত্ৰখনৰ কেইবাটাও গীতত তেওঁৰ পত্নী তথা গায়িকা সবিতা চৌধুৰীয়েও কণ্ঠদান কৰিছিল । তেওঁ সুৰ দিয়া কেইটামান জনপ্ৰিয় গীত হ’ল মন পছোৱা বা, অ কপৌ পাহি, ফাগুন তোমাক জনালোঁ নিমন্ত্ৰণ, অ ফাগুনৰে উতলা বা আদি । ১৯৮৮ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।