চলিত বৰ্ষৰ মে’ মাহত অবৈধ ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দৰ জৈনে দিল্লীৰ তিহাৰ কাৰাগাৰত ভিআইপি সা-সুবিধা লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াৰ মাজতে তিহাৰ কাৰাগাৰত জৈনক মালিচ কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ মালিচ কৰি থকা এই ভিডিঅ’ আজি বিজেপিৰ কেইবাজনো নেতাই শ্বেয়াৰ কৰে। ইতিমধ্যে তিহাৰ কাৰাগাৰৰ অধীক্ষক অজিত কুমাৰক মন্ত্ৰীগৰাকীক ভিআইপি দৰে সা-সুবিধা প্ৰদান কৰাৰ অভিযোগত নিলম্বন কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে এই ভিডিঅ’টো প্ৰকাশ পাইছে।
ধন দাবীৰ গোচৰত কাৰাগাৰত থকা ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰে জৈনক আবদ্ধ কৰি ৰখা ৭ নম্বৰ জেলৰ অধীক্ষকে অযথা অনুগ্ৰহ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে গঠন কৰা তদন্ত সমিতিৰ পৰামৰ্শ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আম আদমী পাৰ্টিয়ে এই অভিযোগক অৰ্থহীন আৰু ভিত্তিহীন আখ্যা দিছিল ৷
One more
All rules thrown to the dustbin!
VVIP treatment in jail! Can Kejriwal defend such a Mantri? Should he not be sacked ?
This shows true face of AAP!
Vasooli & VVIP Massage inside Tihar Jail! Tihar is under AAP govt pic.twitter.com/psXFugf7t5
— Shehzad Jai Hind (@Shehzad_Ind) November 19, 2022
আজি প্ৰকাশ পোৱা ভিডিঅ’টোত দেখা পোৱা অনুসৰি সত্যেন্দ্ৰ জৈনে তিহাৰ জেলৰ কোঠাত ভৰি, পিঠি আৰু মূৰৰ মালিচ কৰি আছে। “জেলত ভিভিআইপিৰ সুবিধা! কেজৰিৱালে এনে মন্ত্ৰীক ৰক্ষা কৰিব পাৰিবনে? তেওঁক বৰ্খাস্ত কৰা উচিত নহয়নে? এয়াই আপৰ প্ৰকৃত চৰিত্ৰ!” ইয়াৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপিৰ শ্বেহজাদ জয় হিন্দে টুইটযোগে এইদৰে কয়।
যোৱা মাহত এনফর্চমেন্টে সঞ্চালকালয়েও অভিযোগ উত্থাপন কৰিছিল যে জৈনে জেলত বিলাসী জীৱন কটায়। তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ আদালততো চিচিটিভি ফুটেজ দাখিল কৰিছিল।