উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ জীৱন সকলোৰে বাবে ৰহস্য ৷ পৰাপক্ষত তেওঁ নিজৰ ব্যক্তিগত তথা পৰিয়ালৰ বিষয়ে ৰাজহুৱা নকৰে ৷ সঘনাই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণেৰে বিতর্কৰ আৱর্তত সোমাই পৰা উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে শনিবাৰে প্ৰথমবাৰৰ বাবে নিজৰ কন্যাক বিশ্ববাসীৰ সন্মুখলৈ লৈ আহে ৷ দেশখনৰ সৰ্ববৃহৎ বেলিষ্টিক ক্ষেপণাস্ত্ৰ উৎক্ষেপণ পৰিদৰ্শন কৰিবলৈ অহাৰ সময়ত পিতৃৰ কিমৰ সৈতে দেখা গৈছিল কন্যা শিশুটিক ৷ ৰাজ্যিক সংবাদ সংস্থা কেচিএনএই শনিবাৰে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে উত্তৰ কোৰিয়াই হাৱাছং-১৭ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) পৰীক্ষামূলকভাৱে নিক্ষেপ কৰে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বে কোনেও কিম জং উনৰ কন্যাক ৰাজহুৱাভাৱে দেখা পোৱা নাছিল ৷ বগা কোট পিন্ধি পিতৃৰ সৈতে দেখা পোৱা কন্যাৰ নাম এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ৷
আমেৰিকাস্থিত ষ্টিমছন চেণ্টাৰৰ বিশেষজ্ঞ মাইকেল মেডেনে কয় যে প্ৰথমবাৰৰ বাবে কিম জং উনৰ কন্যাক ৰাজহুৱা অনুষ্ঠানত দেখা পাইছে। বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি কিমৰ তিনিটা সন্তান ৷ ইয়াৰে দুগৰাকী কন্যা আৰু এজন ল’ৰা বুলি অনুমান কৰা হৈছে। কিছুমান পৰ্যবেক্ষকে বিশ্বাস কৰিছিল যে ইয়াৰে এটি সন্তানক ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় বন্ধৰ দিন উদযাপনৰ ফুটেজত দেখা গৈছিল।
২০১৩ চনত অৱসৰপ্ৰাপ্ত আমেৰিকান বাস্কেটবল তাৰকা ডেনিছ ৰডমেনে কৈছিল যে কিমৰ জু এ নামৰ এগৰাকী কন্যা আছে। সেই বছৰ উত্তৰ কোৰিয়া ভ্ৰমণৰ পিছত ৰডমেনে দ্য গাৰ্ডিয়ান কাকতক জনাইছিল যে তেওঁ কিম আৰু তেওঁৰ পৰিয়ালৰ সৈতে কটোৱাৰ সময়ত কন্যাক দেখিছিল ৷
জু এৰ বয়স বর্তমান প্ৰায় ১২-১৩ বছৰ বুলি অনুমান কৰা হৈছে ৷ অৰ্থাৎ প্ৰায় চাৰিৰ পৰা পাঁচ বছৰৰ পাছত তেওঁ বিশ্ববিদ্যালয়ত পঢ়িবলৈ বা সামৰিক সেৱাত যোগদান কৰিবলৈ সাজু হ’ব বুলি মেডেনে কয়।
উত্তৰ কোৰিয়াই কেতিয়াও ঘোষণা কৰা নাই যে কিম অক্ষম হ’লে কোনে নেতৃত্ব বহন কৰিব ৷ তেওঁৰ ল’ৰা-ছোৱালীৰ বিষয়ে সবিশেষ ৰাজহুৱা কৰা হোৱা নাই ৷ শুকুৰবাৰৰ মুকলি অনুষ্ঠানত কিমৰ পত্নী ৰি ছল জুৱেও অংশগ্ৰহণ কৰে ৷