সন্ধ্যা দেৱনাথন ,বৰ্তমান মেটাৰ ভাৰতৰ নতুন মুৰব্বী ৷ প্ৰতিষ্ঠানটোৱে ভাৰতত তেওঁলোকৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে এইগৰাকী মহিলাক ৷ ইয়াৰ পূৰ্বে মেটাৰ ভাৰতবৰ্ষৰ মুৰব্বী আছিল অজিত মহন ৷ অজিত মহনৰ পদত্যাগৰ পিছতেই এই পদবীৰ বাবে নিযুক্ত কৰা হয় সন্ধ্যা দেৱনাথনক ৷ এই প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে ভাৰতত ইনষ্টাগ্ৰাম,ফেচবুক আৰু হোৱাটছএপৰ ব্যৱসায়ৰ তদাৰক কৰিব দেৱনাথনে ৷
উল্লেখযোগ্য যে ২০১৬চনতেই মেটা (ফেচবুক)ত যোগদান কৰিছিল সন্ধ্যা দেৱনাথনে ৷আনহাতে দক্ষিণ এছিয়াৰ এই বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিস্তাৰৰ ক্ষেত্ৰতো বহুখিনি অৱদান আগবঢ়াইছে সন্ধ্যা দেৱনাথনে ৷ ১৯৯৮চনত অন্ধ্ৰ ইউনিভাৰছিটিৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙত বি-টেক ডিগ্ৰীধাৰী দেৱনাথনে ২০০০চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ. ডিগ্ৰী লাভ কৰে ৷ ২০১৪ চনত তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা লীডাৰশ্বীপৰ পাঠ্যক্ৰমো গ্ৰহণ কৰিছিল ৷ দেৱনাথনে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছেইড বিজনেছ স্কুলৰ পৰা এই নেতৃত্বৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে ব্যৱসায় আৰু পৰিচালনাৰ ক্ষেত্ৰত কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২২ত বিশ্ববিদ্যালয়খনে নৱম স্থান লাভ কৰিছে।
১৯৭৬চনত জন্ম গ্ৰহণ কৰা এইগৰাকী মহিলাই প্ৰায় ২২বছৰতকৈই অধিক সময় ধৰি বিশ্বৰ কেইবাটাও আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সেৱা আগবঢ়োৱাৰ পিছত ৪৬ বছৰীয়া সন্ধ্যা দেৱনাথনক মেটাই উপযুক্ত বিবেচিত কৰি ভাৰতৰ মুৰব্বী হিচাপে নিযুক্ত কৰিছে যাৰ ফলত হয়তো ভাৰত বৰ্ষত মেটাই আৰু অধিক বিস্তৃতি লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷