প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজতে অৰুণাচলৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ ড’নি প’লো বিমানবন্দৰ উদ্বোধন কৰে। ৰাজ্যৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত হোলংগীত অৱস্থিত এই বিমানবন্দৰটোৱে সীমান্তৱৰ্তী ৰাজ্যখনক ভাৰতৰ অন্যান্য চহৰৰ সৈতে বাণিজ্যিক বিমান সেৱাৰ লগতে অৰুণাচল প্ৰদেশৰ অন্যান্য অঞ্চলসমূহকো হেলিকপ্টাৰ সেৱাৰ জৰিয়তে সংযোগ কৰিব। ২০১৯ চনৰ ফেব্ৰুৱাৰীত মোদীয়ে বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ৰাজ্যৰ পশ্চিম কামেং জিলাৰ ৬০০ মেগাৱাট শক্তিসম্পন্ন কামেং জলবিদ্যুৎ প্ৰকল্পও দেশৰ বাবে আজি উৎসৰ্গা কৰে। ৮০ বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত ৮,৪৫০ কোটিতকৈ অধিক ব্যয়ৰে কামেং জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰ মুকলি কৰি দিয়া ভাষণত মোদীয়ে কয় যে সংযোগ আৰু শক্তিৰ আন্তঃগাঁথনিয়ে উত্তৰ-পূব অঞ্চলটোৰ বাবে উন্নয়নৰ নতুন বার্তা কঢ়িয়াই আনিব ৷
ড’নি পোলো বিমানবন্দৰ: প্ৰথম গ্ৰীণফিল্ড বিমানবন্দৰ
ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে পূজা কৰা দেৱতাৰ নামেৰে নতুন বিমানবন্দৰ ড’নি প’লো হিচাপে নামকৰণ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ এইটো তৃতীয় বিমানবন্দৰৰ ৷ ইয়াৰ লগে লগে উত্তৰ-পূব অঞ্চলৰ মুঠ বিমানবন্দৰৰ সংখ্যা ১৬টালৈ বৃদ্ধি হ’ল ৷ ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই আনুমানিক ৬৪৫ কোটি টকা ব্যয় সাপেক্ষে ডোনি প’লো বিমানবন্দৰ নিৰ্মাণ কৰে।
বিষয়াসকলে জনোৱা মতে, ৪১০০ বৰ্গমিটাৰ বিমানবন্দৰটোত ৮টা চেক-ইন কাউণ্টাৰৰ ডিজাইন কৰা হৈছে আৰু ইয়াত ভিৰ হোৱা সময়ত ২০০ যাত্ৰী বহিব পাৰিব। ইয়াৰ উপৰিও যাত্ৰীসকলৰ বাবে সকলো আধুনিক সা-সুবিধাৰে সজ্জিত কৰা হ’ব। ইয়াত বয়িং ৭৪৭ বিমান অৱতৰণ আৰু উৰণৰ বাবে উপযোগী ২৩০০ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱে থাকিব বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ২৮ নৱেম্বৰৰ পৰা বিমানবন্দৰৰ পৰা বাণিজ্যিক বিমান সেৱা আৰম্ভ কৰিব ইণ্ডিগ’ এয়াৰলাইন্সে।
ইটানগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত থকা হোলংগীক মুম্বাই আৰু কলকাতাৰ সৈতে সংযোগ কৰা বিমানসমূহ বুধবাৰৰ বাহিৰে আন দিনসমূহত চলাচল কৰিব । ইণ্ডিগ’ৰ মুখ্য কৌশল আৰু ৰাজহ বিষয়া সঞ্জয় কুমাৰে শেহতীয়াকৈ জনাইছিল যে বুধবাৰে হোলংগীক কলকাতাৰ সৈতে সংযোগ কৰা সাপ্তাহিক বিমান সেৱা ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।
৬০০ মেগাৱাটৰ কামেং হাইড্ৰ’প্ৰজেক্ট
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৬০০ মেগাৱাট শক্তিৰ কামেং জলবিদ্যুৎ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰে। পশ্চিম কামেং জিলাৰ ৮০ কিলোমিটাৰতকৈও অধিক দূৰত্বত বিস্তৃত অঞ্চলত ৮,৪৫০ কোটিতকৈ অধিক ব্যয়ৰে কামেং জলবিদ্যুৎ প্ৰকল্প নির্মাণ কৰা হৈছে ৷