প্ৰাচীন কালৰ পৃথিৱী আৰু বৰ্তমানৰ পৃথিৱীৰ মাজত যদিও বহু পাৰ্থক্য আছে তথাপি আদিম সভ্যতা আৰু বৰ্তমানৰ অত্যাধুনিক মানৱ সভ্যতাৰ মাজত নিশ্চয়কৈ এক যোগসূত্ৰও নথকা নহয় ৷ অৱশ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই হওঁক নাইবা পুৰাতত্ববিভাগৰ প্ৰচেষ্টাতেই হওঁক পৌৰাণিক সময়ৰ বহু তথ্য উদ্ধাৰ কৰা বৰ্তমান সহজ হৈ পৰিছে ৷ পুৰাতত্ববিদ সকলৰ দ্বাৰা শেহতীয়াকৈ চৌদি আৰৱত আৱিষ্কাৰ কৰা হৈছে ৮০০০ বছৰ এখন পুৰণি চহৰ। জানিব পৰা মতে পুৰাতত্ত্ববিদসকলে খনন কৰাৰ সময়তেই ইয়াত উদ্ধাৰ হৈছে এটা মন্দিৰ । এই মন্দিৰটোৰ সৈতে উদ্ধাৰ হোৱা এনে বহু অৱশিষ্টই এই কথা প্ৰমাণ কৰিছে যে সেই সময়ত ইয়াত মানুহৰ বসতি আছিল আৰু ইয়াত মূৰ্তি আৰু মন্দিৰ পূজাৰ পৰম্পৰা আছিল।
উল্লেখনীয় যে চৌদি আৰৱৰ কিণ্ডা ৰাজ্যৰ ৰাজধানী আল-ফাওত টুভাক পৰ্বতৰ কাষত অৱস্থিত ‘ৰক কাট’ নামৰ এই মন্দিৰটো। ইয়াৰ উপৰিও ইয়াত পোৱা গৈছে ২৮০৭টাকৈ কবৰ (সমাধি ) ৷ আনহাতে চৌদি আৰৱৰ ৰিয়াদৰ দক্ষিণে অৱস্থিত এই অৱশিষ্ট উদ্ধাৰ হোৱা ঠাইখনত পোৱা এই প্ৰাচীন মন্দিৰ আৰু বসতিস্থলতেই উদ্ধাৰ হৈছে কিছু ধৰ্মীয় শিলালিপি ৷
আনহাতে জৰীপৰ সময়ত বহু কথা পোহৰলৈ আহিছে যে ছৌদি আৰৱৰ ঐতিহ্য আয়োগৰ এটা বহুজাতিক দল আল-ফাওলৈ জৰীপ কৰিবলৈ গৈছিল আৰু গভীৰ খননৰ লগতে বহুদিন ধৰি জৰীপৰ কাম চলি আছিল। তেওঁলোকৰ তথ্য অনুসৰি নৱপ্ৰস্তৰ যুগৰ পৰাই এই ঠাইত বহু মানুহৰ বসতি আছিল।
এই অধ্যয়নত আল-ফাওৰ জটিল জলসিঞ্চন ব্যৱস্থাৰ কথাও পোহৰলৈ আহিছে । তেওঁলোকৰ তথ্য অনুসৰি সেইসময়ত খাল, পানীৰ টেংকিৰ লগতে বৰষুণৰ পানী পথাৰত ব্যৱহাৰ কৰাৰ বাবে স্থানীয় ৰাইজে শ শ গাঁত খান্দিছিল। এই আৱিষ্কাৰে ইয়াকো দেখুৱাইছে যে সেই সময়তো মানুহে এনে মৰুভূমিত বৰষুণৰ পানী ব্যৱহাৰ কৰিব জানিছিল।
গুৰুত্বপূৰ্ণ যে ৪০ বছৰতকৈও অধিক সময় ধৰি ছৌদি আৰবৰ আল-ফাউ প্ৰত্নতাত্ত্বিক স্থান প্ৰত্নতাত্ত্বিক অধ্যয়নৰ অধীনত আছিল।