পানীপথৰ ভোদোৱাল মাজৰীত একেলগে লাখ লাখ লোকৰ সমাগম। এক অদম্য ভক্তিবোধেৰে তীৰ্থভূমিলৈ পৰিৱৰ্তিত হৈছে যেন পানীপথ । অঞ্চলটোৰ ৬৩০ একৰ এলেকাত একত্ৰিত হৈছে প্ৰায় ৫ লাখ লোক ৷
সমলখাৰ ভোদ্ৱাল মাজৰীত অৱস্থিত এই আধ্যাত্মিক স্থানত চলি থকা ৭৫ সংখ্যক সন্ত নিৰংকাৰী সমাজত দিনক দিনে বৃদ্ধি পাইছে ভক্তৰ সমাগম। অনুমান কৰা হৈছে যে শেহতীয়াকৈ পাঁচ লাখৰো অধিক ভক্ত তাত উপস্থিত হৈছে। শ শ কিলোমিটাৰ দূৰৰ পৰা, ডেকা-বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি অন্ধ আৰু ভিন্ন ক্ষমতাসম্পন্ন লোকলৈকে সকলো ইয়াত একত্ৰিত হৈছে ৷ ৬৩০ একৰ এলেকাত একত্ৰিত হৈছে প্ৰায় ৫ লাখ লোক যেন বসতি স্থাপন কৰা হৈছে এখন নতুন চহৰত ।
জানিব পৰা মতে আজি আৰু কাইলৈ আৰু অধিক বৃদ্ধি পাইছে ভক্তৰ সংখ্যা। প্ৰায় ২৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বসবাস কৰা ভক্তসকলে দেওবাৰে বন্ধৰ দিনটোৰ ইয়াত অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত ভক্তৰ সংখ্যা প্ৰায় সাত লাখ হ’ব পাৰে বুলিও অনুমাণ কৰা হৈছে ।
উল্লেখযোগ্য যে ইয়ালৈ অহা ভক্তসকলৰ বাবে থকাৰ পৰা আৰম্ভ কৰি খাদ্য-পানীয়লৈকে সকলো ব্যৱস্থা কৰা হৈছে।আনহাতে চাৰিটা ব্লকত ভাগ কৰা হৈছে গোটেই অঞ্চলটো । প্ৰতিটো ব্লকতে প্ৰস্তুত কৰা হৈছে লংগাৰ। য’ত ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা আৰম্ভ হৈ গভীৰ নিশালৈকে খাদ্য উপলব্ধ হয়। ইয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪০০ কুইণ্টলতকৈও অধিক চাউল, ২৫০ কুইণ্টলতকৈ অধিক দালি, ৭ লাখতকৈ অধিক ৰুটি । ইফালে প্ৰতিটো ব্লকতে খোলা হৈছে কেণ্টিন। এই কেণ্টিন বোৰত ভক্তসকলে ৰেহাই মূল্যত চাহ, কফি, পানী, ব্ৰেড পকোৰা আদি লাভ কৰে।
প্ৰতিদিনে দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা সৎসংগ কাৰ্যসূচীত সতগুৰু মাতা সুদীক্ষা মহাৰাজ জীৱন সংগী ৰমিতৰ সৈতে মঞ্চত বহে। আনহাতে মঞ্চৰ দুয়োকাষে তেওঁৰ দৰ্শন পাবলৈ ভক্তৰ দীঘলীয়া শাৰী। প্ৰতি ঘণ্টাত ভক্তৰ সংখ্যা বাঢ়ে যদিও কোনো হুলস্থুল আৰু কাজিয়াও নোহোৱাকৈয়ে সকলোৱে পৰম অনুশাসনেৰে শাৰী পাতি থিয় হৈ নিজৰ সময়লৈ অপেক্ষা কৰে।
এই সমাৱেশত অংশ ল’বলৈ আৰু সতগুৰুৰ দৰ্শন কৰিবলৈ দেশৰ দিব্যাংগ সকলো আহি সমবেত হৈছে। ইয়াৰে কিছুমান সম্পূৰ্ণ অন্ধ আৰু কিছুমান খোজ কাঢ়িব নোৱাৰা। একে সময়তে প্ৰাক্তন সেনাবাহিনীয়েও ব্ৰহ্মযান লৈ নিজৰ সেৱা আগবঢ়াইছে এই বৃহৎ সমাৱেশত।
আজি সমাগমৰ চতুৰ্থ দিনটোত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী । দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হৈ ৰাতি আঠ বজালৈকে চলিব এই সৎসংগ কাৰ্য্যসূচী । ইফালে দুঘণ্টীয়া বহুভাষিক কবি দৰবাৰো আজিৰ কাৰ্য্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াত বহু কবিয়ে নিজৰ অনুভৱ বিভিন্ন ভাষাত প্ৰকাশ কৰিছে। এই কবি সন্মিলনৰ বিষয় ‘আধ্যাত্মিকতা আৰু মানৱতা’। য’ত দুপৰীয়া উপস্থিত হয় বিধানসভাৰ অধ্যক্ষ জ্ঞানচান্দ গুপ্তা ।