আজি বিশিষ্ট সাহিত্যিক লিঅ’ টলষ্টয়ৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ৰাছিয়ান সাহিত্যিক । তেওঁ প্ৰধানতঃ এগৰাকী ঔপন্যাসিক আৰু চুটিগল্পকাৰ । পিছলৈ নাটক আৰু বিভিন্ন বিষয়ৰ প্ৰবন্ধও লিখিবলৈ লৈছিল । তেওঁ এগৰাকী নৈতিক চিন্তাবিদ তথা সমাজ সংস্কাৰকো আছিল । তেওঁৰ দ্য কিংডম অব গড ইজ উইডিন ইউ আদি ৰচনাত ফুটি উঠা অহিংস প্ৰতিবাদে মহাত্মা গান্ধীক প্ৰভাৱিত কৰিছিল । ৱাৰ এণ্ড পীচ, আনা কাৰেনিনা, এ কনফেচন আদি তেওঁৰ জনপ্ৰিয় সাহিত্যকৃতি । ১৯১০ চনৰ আজিৰ দিনটোতে ৰাছিয়ান সাম্ৰাজ্যৰ এস্তাপ’ভ’ত তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।