কল আমাৰ সকলোৰে প্ৰিয়। খাবলৈ ভাল লগাৰ উপৰিও কলৰ বহুত উপকাৰ আছে।কথাতে কয় – ‘ কল খালে বল হয় ‘। বিশেষকৈ ভীমকলৰ গছৰ শিপাৰ পৰা আৰম্ভ কৰি পাত , পটুৱা , কল , কলফুল , কলৰ বাকলি , কলপুলি আদি প্ৰতিটো অংশ ঔষধত ব্যৱহাৰ কৰা হয়। জানো আহকচোন ভীমকলৰ বিষয়ে-
১) পকা ভীমকল নিয়মীয়াকৈ খালে তেজ পৰা অৰ্শ ৰোগীয়ে আৰাম পায়। তেজ পৰা বন্ধ হয়।
২) ভীমকলে পিত্তৰস আৰু পেটৰ উত্তেজনা প্ৰশমিত কৰাত সহায় কৰে।
৩) ভীমকলত থকা এণ্টি অক্সিডেণ্টবোৰে মহিলাৰ গৰ্ভাশয়ত টেমুনা সৃষ্টি হোৱাত বাধা দিয়াৰ বাবে মহিলাৰ গৰ্ভাশয়ত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম হয়। অৱশ্যে পকা কলতকৈ কেঁচা কলত এই প্ৰতিৰোধী ক্ষমতা বেছি থাকে।
৪) পকা ভীমকলে শৰীৰক তজবজীয়া কৰি ৰাখে।
৫) পকা ভীমকলে পেটৰ ঘা শুকুৱাত সহায় কৰে।
৬) শিশুৰ একজিমা আৰু এলাৰ্জি হ’লেও ভীমকল খুৱালে সুফল পোৱা যায়।
৭) পকা কলত থকা পেপকিনে শৌচ স্বাভাৱিক অৱস্থাত ৰাখিব পাৰে।
৮) শৰীৰৰ ওজন হৃাস কৰিবৰ কাৰণে পকা ভীমকলৰ মাংসাল অংশ গাখীৰৰ লগত ফেটি দিনে এবাৰকৈ খাব লাগে।
৯) পকা ভীমকলে হৃদযন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। কীট-পতঙ্গই কামুৰিলে পকা ভীমকলৰ বাকলিৰ বগা মাংসাল অংশ পিহি লগালে ছালৰ পুৰনি -জ্বলনি নোহোৱা হয়।
১০) গৰমপানী পৰি বা জুয়ে পুৰিলে পকা ভীমকল চকল চকল কৈ কাটি ক্ষতস্থানত লগাই ৰাখিলে আৰাম পোৱা যায়।