আজি বিখ্যাত ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমণৰ স্মৃতি দিৱস । চমুকৈ তেওঁ চি ভি ৰমণ নামেৰে জনাজাত । তেওঁ আছিল এগৰাকী আগশাৰীৰ পদাৰ্থ বিজ্ঞানী । ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা তেওঁ বিখ্যাত ৰমণ পৰিঘটনাৰ আৱিষ্কাৰ কৰিছিল । তাৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰে প্ৰতি বছৰে এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছে । ১৯৩০ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰে । বিজ্ঞানৰ যিকোনো শাখাতে ন’বেল বঁটা লাভ কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী বিজ্ঞানী আছিল তেওঁ । ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে । বিজ্ঞানীগৰাকীলৈ আমাৰ প্ৰণাম ।