আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী যেন এতিয়া সুৰক্ষিত নহয় সাধাৰণ ৰাইজৰ বাবে ৷ নিশা হ’লেই চোৰৰ উৎপাতত শান্তিৰে শুব নোৱাৰা গুৱাহাটীত দিন দুপৰতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা ৷ পাঞ্জাবাৰীৰ পুৰবী ডেইৰীৰ সমীপত সংঘটি হৈছে এই ঘটনা ৷ দুর্বত্তই কৰা গুলীচালনাত ৰঞ্জিৎ বৰা নামৰ এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আহত লোকজন পূৰবী ডেইৰীৰ বিতৰক ৷ আন দিনাৰ দৰে আজিও তেওঁ পূৰবী ডেইৰীৰ ধন আইচিচিআই বেংকত থোৱাৰ বাবে নিজৰ চাৰিচকীয়া এখন বাহনেৰে আহিছিল ৷ বেৎকৰ সন্মুখত গাড়ী ৰখোৱাৰ সময়তে এখন বাইকত অহা দুজন যুৱকে তেওঁৰ ধনৰ টোপোলা কাঢ়ি নিয়াৰ লগতে তেওঁক নিচেই ওচৰৰ পৰা গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ লগে লগে সমগ্ৰ অঞ্চলটোতে হুৱাদুৱা লাগে ৷ আৰক্ষী উপস্থিত হৈ লোকজনক ততাতৈয়াকৈ জিএমচিএইচলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ প্ৰাথমিক দৃষ্টিত এয়া এক ডকাইতৰ ঘটনা বুলি ভবা হৈছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে মহানগৰীত চোৰ- চিলনী চোৰৰ সন্ত্ৰাসৰ লগতে প্ৰাতঃভ্ৰমণলৈ ওলাই অহা মহিলাক পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত একপ্ৰকাৰ মহানগৰবাসী আতংকিত হৈ পৰিছে ৷