বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত আৰু আফ্ৰিকাত ভুৱা কভিশ্বিল্ড ভেকছিন উৎপাদনৰ তথ্য নিশ্চিত কৰিছে। সংস্থাটোৱে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে ভাৰত আৰু উগাণ্ডাত প্ৰাপ্ত বহু সংখ্যক কভিশ্বিল্ড ভেকচিনেই ভুৱা ভেকচিন।
WHO ই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনৰ জুলাই আৰু আগষ্ট মাহত ভাৰতৰ পৰা সংগ্ৰহ কৰা কভিশ্বিল্ড ভেকচিনৰ নমুনা পৰীক্ষা কৰি সেইবোৰৰ প্ৰায় ভাগেই ভুৱা ভেকচিন বুলি প্ৰমাণ পোৱা গৈছে।
ভাৰতৰ প্ৰাথমিক ক’ভিড ভেকছিন, কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত হোৱাৰ তথ্য বিবিচিয়ে এক প্ৰতিবেদন যোগে প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিবৃতিত কোৱা হৈছে যে জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত ভাৰত আৰু আফ্ৰিকাৰ কৰ্তৃপক্ষই ভুৱা পালিবোৰ জব্দ কৰিছে।
ভাৰতত কভিশ্বিল্ড ভেকচিন প্ৰস্তুত কৰা প্ৰতিষ্ঠান পুনেৰ ছেৰাম ইনষ্টিটিউটেও WHOৰ এই কথা স্বীকাৰ কৰি মন্তব্য কৰিছে যে ভাৰতত বহু ভুৱা কভিশ্বিল্ড ভেকচিন পোৱাটো সঁচা।
সেইবাবেই ছেৰাম ইনষ্টিটিউটে কভিশ্বিল্ড ভেকচিন লোৱা সকলকো তৃতীয় এপালি ভেকচিন ল’বলৈ অনুৰোধ কৰিছে। এই তৃতীয় পালিয়ে শক্তিবৰ্ধকৰ কাম কৰিব বুলি প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে।
উল্লেখযোগ্য যে ভাৰতে বিভিন্ন চৰকাৰৰ সৈতে স্বাক্ষৰিত চুক্তি আৰু দৰিদ্ৰ দেশবোৰৰ বাবে বিশ্বব্যাপী কোভাক্স আঁচনিৰ অংশ হিচাপে বিশ্বৰ বহুকেইখন দেশলৈ কভিশ্বিল্ড ভেকচিন পঠিয়াইছিল। এতিয়ালৈ ভাৰতত ক’ভিড ভেকচিনৰ ৪৮৬ নিযুত ডোজ প্ৰদান কৰা হৈছে।
এই সকলোবোৰ ডোজেই যে ভুৱা তেনে নহয় যদিও ইয়াৰ ভিতৰতো যে ভুৱা ভেকচিন আছিল সেয়া WHO ৰ মন্তব্যৰ পৰাই স্পষ্ট হৈছে। ভুৱা ভেকচিন গ্ৰহণৰ ফলত গুৰুতৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে বুলিও WHO ই সকিয়াই দিছে। সংস্থাটোৱে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে এনে কাৰ্যই স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদাশংকা সৃষ্টি কৰিব পাৰে’।