ভাৰতৰ বিভিন্ন ঠাইত হাজাৰ হাজাৰ বৃহৎ হোটেল আছে য’ত আছে বহু ৰাজকীয় সা-সুবিধা ৷ ইয়াৰে কিছুমান হোটেল নিৰ্মাণ কৰা হৈছে সাগৰৰ ওচৰত আৰু কিছুমান নিৰ্মাণ কৰা হৈছে পাহাৰৰ ওপৰত ।
ফাইভ ষ্টাৰৰ পৰা চেভেন ষ্টাৰলৈকে ভাৰতত এনে বহু নামী-দামী হোটেল আছে যদিও ইয়াৰ ভিতৰত আছে ভাৰতৰ আটাইতকৈ দামী হোটেলখন য’ত এৰাতি থকাৰ ব্যয়ৰ কথা সাধাৰণ মানুহে অনুমান কৰিবও নোৱাৰে।
ভাৰতৰ পৰ্য্যটনৰ ক্ষেত্ৰত এখন আকৰ্ষণীয় চহৰ জয়পুৰ যাক ‘পিংক চিটি’ অৰ্থাৎ গুলপীয়া চহৰ বুলিও জনা যায় ৷ এই জয়পুৰতেই নিৰ্মাণ কৰা ‘ৰাজ পেলেচ’ হৈছে দেশৰ ভিতৰতে আটাইতকৈ দামী হোটেলখন ।ক্যিউৰা নামৰ এটা ৱেবছাইটৰ এজন ব্যক্তিয়ে ভাৰত চৰকাৰে এই ‘ৰাজ পেলেচ’ক “ভাৰতৰ শ্ৰেষ্ঠ হেৰিটেজ হোটেল” হিচাপে সন্মানিত কৰিছে বুলি দাবী কৰিছে । ব্যক্তিজনে দাবী কৰিছে যে হোটেলখনক একেৰাহে সাতবাৰ “বিশ্ব ভ্ৰমণ বঁটা”ৰ দ্বাৰা “বিশ্বৰ আগশাৰীৰ ঐতিহ্য হোটেল” হিচাপে ভোট দিয়া হৈছে।
১৭২৭ চনত নিৰ্মাণ কৰা এই হোটেলখনৰ পুৰণি নাম ‘দ্য চাউমু হাভেলী’ (The Chaumu Haveli) । চাউমুৰ অন্তিম ৰজা ঠাকুৰ ৰাজ সিংহৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছিল। ১৯৯৬ চনত ৰাজকুমাৰী জয়েন্দ্ৰ কুমাৰীয়ে এই ৰাজপ্ৰসাদটোক হোটেললৈ ৰূপান্তৰিত কৰে। ইমান বছৰৰ পাছতো এই হোটেলখন অতি অনন্য আৰু ইয়াৰ ভিতৰৰ অংশই মানুহক আকৰ্ষণ কৰাই নহয় আচৰিত কৰি তুলিছে।
এই হোটেলখনত আছে ৫০টাকৈ বিলাসী কোঠা ৷ মোগল যুগৰ ডিজাইনৰ সৈতে যাৰ সামঞ্জস্য দেখা যায় । হোটেলখনত এনে বহুকেইটা কোঠা আছে য’ত সেইসময়ত ৰজা বা সম্ৰাট সকল আছিল ।উল্লেখযোগ্য যে ইয়াৰ বাহিৰেও আজিও হোটেলখনত বহু পুৰণি ঐতিহাসিক বস্তু সংগ্ৰহ কৰি ৰখা হৈছে । অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি এলান পেজলৈকে সমগ্ৰ বিশ্বৰ বহু চেলিব্ৰিটিয়ে এইখন হোটেলৰ আতিথ্য লাভ কৰিছে ।
ইয়াৰ হেৰিটেজ আৰু প্ৰিমিয়াৰ ৰুমৰ বাবে ইয়াৰ এনিশাৰ মূল্য প্ৰায় ৫০ লাখ টকা। আনহাতে এনিশাৰ বাবে আটাইতকৈ কম মূল্য হৈছে ৬০ হাজাৰ টকা। আনহাতে হোটেলখনৰ ঐতিহাসিক ছুইটটোৰ ভাড়া ৭৭ হাজাৰ টকা।আনহাতে প্ৰেষ্টিজ ছুইটৰ প্ৰতি নিশাৰ মূল্য ১ লাখ টকাতকৈ অধিক হোৱাৰ বিপৰীতে পেলেচ ছুইটৰ দাম প্ৰতি নিশা ৫ লাখতকৈ অধিক।ইয়াত আটাইতকৈ ব্যয়বহুল হ’ল প্ৰেচিডেন্সিয়েল ছুইট, যাৰ মূল্য ১৪ লাখ টকাতকৈও অধিক ।