জাতিভেদ প্ৰথা এতিয়াও সমাজৰ বাবে এক ব্যাধি স্বৰূপ ৷ জাতিভেদ প্ৰথাৰ বাবে সমাজত বিভিন্ন ধৰণৰ দুখজনক ঘটনা সংঘটিত হৈ আহিছে ৷ পুনৰ এনে এক ঘটনা সংঘটিত হৈছে কর্ণাটকত ৷ ৰাজ্যখনৰ এখন গাঁৱত এগৰাকী দলিত মহিলাই পানী সেৱন কৰাৰ বাবে এটা পানীৰ টেংকি ধুই-পখালি গোমূত্ৰৰে ‘শুদ্ধি’ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৮ নৱেম্বৰত কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ হেগগোটাৰা গাঁৱত বিবাহ অনুষ্ঠানত অংশ লোৱা অনুসূচিত জাতিৰ এগৰাকী মহিলাই তথাকথিত উচ্চ জাতিৰ লোক বাস কৰা অঞ্চলত খোৱাপানীৰ টেংকিটোৰ পৰা পানী সেৱন কৰিছিল । ইয়াতে ক্ষুব্ধ হৈ উচ্চ বর্ণৰ লোকসকলে টেংকৰ পৰা সকলো পানী উলিয়াই দি গোমূত্ৰৰে পৰিষ্কাৰ কৰে ৷
স্থানীয় ন্যায়িক তাহচিলদাৰ আই ই বাসৱৰাজে সংবাদমাধ্যমক জনোৱা মতে, পানীৰ টেংকিটো পৰিষ্কাৰ কৰা হৈছিল, কিন্তু গোমুত্ৰৰে পৱিত্ৰ কৰা হৈছিল নে নাই সেয়া নিশ্চিত কৰিব পৰা নাই ৷ এতিয়ালৈকে অনুসন্ধান অব্যাহত ৰাখিছে ৷ বাসৱৰাজে কয় যে মহিলাগৰাকীক চিনাক্ত কৰি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো। এনেকুৱা ঘটনা নিশ্চিত হ’লে বৈষম্যৰ গোচৰ ৰুজু কৰা হ’ব ৷তহচিলদাৰে এতিয়া জিলা উপায়ুক্তক এক বিস্তৃত প্ৰতিবেদন দাখিল কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়।