এক শক্তিশালী ভূমিকম্পই কঁপাই তোলে ইণ্ডোনেছিয়া ৷ দেশখনৰমূল দ্বীপ জাভাত সোমবাৰে হোৱা ভূমিকম্পত প্ৰায় ২০ জন লোক নিহত হোৱাৰ লগতে কমেও ৩০০ লোক আহত হৈছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ ছিয়ানজুৰৰ প্ৰশাসনৰ মুৰব্বী হাৰ্মান চুহেৰমানে কয় , “এতিয়ালৈ মই লাভ কৰা তথ্য মতে কেৱল এই চিকিৎসালয়তে প্ৰায় ২০ জন লোকৰ মৃত্যু হৈছে আৰু কমেও ৩০০ লোকৰ চিকিৎসা চলি আছে। ইয়াৰে অধিকাংশ লোক অট্টালিকা ভাঙি ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰৱল্য আছিল ৫.৬ ৷ ভূমিকম্পৰ কেন্দ্ৰবিন্দু পশ্চিম জাভাৰ চহৰ চিয়ানজুৰত ।
ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা ভিডিঅ’ত অট্টালিকাসমূহ কঁপি থকা দেখা গৈছিল। কৰ্তৃপক্ষই জনোৱা মতে, চিয়ানজুৰত ভূমিস্খলনত আবদ্ধ হৈ থকা দুজন লোকক উদ্ধাৰ কৰিছিল যদিও তৃতীয়জন লোকৰ মৃত্যু হৈছে।দেশখনৰ বতৰ বিজ্ঞান সংস্থাই অধিক ভূমিকম্পৰ বাবে সাৱধান হ’বলৈ সকীয়াই দিয়ে।
ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান সংস্থাৰ মুৰব্বীয়ে কয় যে আমি এতিয়াৰ বাবে মানুহক অট্টালিকাৰ বাহিৰত থাকিবলৈ আহ্বান জনাইছো কাৰণ ইয়াৰ ফলত সম্ভাৱ্য আফটাৰশ্বক হ’ব পাৰে।