আজি গণশিল্পী হেমাংগ বিশ্বাসৰ স্মৃতি দিৱস । জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ সমানেই শ্ৰদ্ধাৰে উচ্চাৰিত এটি নাম হেমাংগ বিশ্বাস । তেওঁ আছিল এগৰাকী কবি, গীতিকাৰ, কণ্ঠশিল্পী তথা নিবন্ধকাৰ । লোকসংগীতৰ আধাৰত তেওঁ গণসংগীত ৰচনা কৰিছিল । তেওঁ অসমীয়া আৰু বাংলা দুয়োটা ভাষাতেই সাহিত্য ৰচনা কৰিছিল । অসমীয়া লোকসংগীতৰ বিষয়ে তেওঁ নিভাঁজ ব্যাখ্যা আগবঢ়াইছিল । তেওঁ অসমত গণনাট্য সংঘ প্ৰতিষ্ঠাত আগভাগ লৈছিল আৰু গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । তেওঁ মঘাই ওজাক ৰাইজৰ মাজলৈ উলিয়াই আনিছিল । কুলখুৰাৰ চোতাল তেওঁৰ এখন জনপ্ৰিয় কবিতা পুথি । অসম আৰু বংগৰ লোক-সংগীত সমীক্ষা তেওঁৰ এখন বহুমূলীয়া গ্ৰন্থ । ১৯৮৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা বিজু ফুকনৰ স্মৃতি দিৱস । তেওঁ আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় নায়ক । ডাঃ বেজবৰুৱা চলচ্চিত্ৰৰ এটা সৰু চৰিত্ৰত ভুমুকি মাৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে । নায়কৰূপে অভিনয় কৰা তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আছিল বৰুৱাৰ সংসাৰ । ১৯৬০-৮০ৰ দশকত তেওঁ প্ৰায় চল্লিছখন অসমীয়া চলচ্চিত্ৰত নায়কৰ ভূমিকাত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ তাৰকা হিচাপে চিহ্নিত হৈছিল । আজলী নবৌ, বোৱাৰী, ঘৰ-সংসাৰ, অগ্নিস্নান আদি তেওঁ অভিনীত অতি জনপ্ৰিয় চলচ্চিত্ৰ । তেওঁ হোটেল শ্বোফিক্স, গজমুক্তা আদি বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছিল । তেওঁ আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ আদি ভ্ৰাম্যমাণ নাট্যদলতো অভিনয় কৰিছিল । তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দেউতা নামৰ (ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত) এখন ধাৰাবাহিকো পৰিচালনা কৰিছিল । ২০১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।