প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলা বা ছোৱালীক কোনো অন্তৰংগ সংগী বা পৰিয়ালৰ কোনো সদস্যই হত্যা কৰে ৷ এই দাবী কৰিছে ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে ৷ গুটেৰেছে কয় যে এই মহিলাসকলৰ বিৰুদ্ধে হিংসা বিশ্বৰ আটাইতকৈ ডাঙৰ “মানৱ অধিকাৰ উলংঘা”ৰ ঘটনা ৷ তেওঁ চৰকাৰসমূহক এনে ঘটনাৰ সৈতে সৈতে মোকাবিলা কৰিবলৈ কার্যব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ ২৫ নৱেম্বৰত পালন কৰিবলগীয়া ‘মহিলাৰ বিৰুদ্ধে হিংসা নিৰ্মূল’ৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ পূৰ্বে মহাসচিব গুটেৰেছে এই মন্তব্য কৰে।
তেওঁ কয় “নাৰী আৰু ছোৱালীৰ ওপৰত হোৱা হিংসা হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক মানৱ অধিকাৰ উলংঘা। প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলা বা এগৰাকী ছোৱালীক কোনো অন্তৰংগ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰে আৰু আমি জানো যে অন্যান্য মানসিক চাপ, ক’ভিড-১৯ মহামাৰীৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক অস্থিৰতাই অনিবাৰ্যভাৱে আৰু অধিক শাৰীৰিক আৰু মৌখিক হেচাৰ সৃষ্টি কৰে।’
ইপিনে তেওঁ কয় যে মহিলা অনলাইন হিংসাৰ সন্মুখীন হ’বলগীয়া হয় ৷ নাৰীবিদ্বেষী ঘৃণামূলক ভাষণৰ পৰা আৰম্ভ কৰি যৌন নিৰ্যাতনলৈকে বিভিন্ন হিংসাৰ তেওঁলোক সন্মুখীন হয় ৷
ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে কয় যে এয়া হৈছে মহিলা আৰু কন্যাৰ ওপৰত হোৱা হিংসাৰ অন্ত পেলোৱা পৰিৱৰ্তনশীল পদক্ষেপৰ সময়।তেওঁ কয় যে চৰকাৰসমূহে এই মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ কাৰ্য্য পৰিকল্পনা পুঁজি ধার্য কৰাৰ লগতে, সিদ্ধান্ত গ্ৰহণৰ প্ৰতিটো পৰ্যায়তে তৃণমূল পৰ্যায়ৰ আৰু নাগৰিক সমাজৰ গোটসমূহক জড়িত কৰিব লাগে ৷
২০২৬ চনৰ ভিতৰত মহিলা অধিকাৰ সংগঠন আৰু আন্দোলনসমূহক ৫০ শতাংশ পুঁজি বৃদ্ধি কৰিবলৈ চৰকাৰসমূহক আহ্বান জনাই গুটেৰেছে সকলোকে “মহিলাৰ অধিকাৰৰ সমৰ্থনত থিয় দিবলৈ আহ্বান জনায় ৷