আমাৰ মাজৰ বহুতেই জীৱ-জন্তু ভাল পায়৷ বহুতেই আকৌ নিজৰ ঘৰতেই জীৱ-জন্তু পোহে ৷ বিশেষকৈ কুকুৰ আৰু মেকুৰী বেছিভাগ মানুহৰ ঘৰতেই দেখা যায় যি একোটা পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰে ৷ অৱশ্যে আজিকালি বিশ্বৰ নামী-দামী প্ৰজাতিৰ বিদেশী কুকুৰ পালন কৰাটো সম্ভ্ৰান্ত লোক সকলৰ বাবে এক ট্ৰেণ্ড হৈ পৰা যেন অনুভূত হয় ৷কিন্তু এই জীৱ-জন্তু সমূহৰ পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰত ইহঁতৰ গৰাকী সমূহ কেতিয়াবা হতাশ হোৱা দেখা যায় ৷ সেয়েহে তেনে বহু সমস্যাৰ অন্ত পেলাই ‘ডাইছন’নামৰ এটা প্ৰতিষ্ঠানে ভাৰতত মুকলি কৰিলে পোহনীয়া জীৱ-জন্তুৰ নোম নাইবা চুলি পৰিষ্কাৰ কৰিব পৰা এক বিশেষ ধৰণৰ ভেকুৱাম যন্ত্ৰ৷
এই পোহনীয়া জন্তুবোৰৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ শেহতীয়াকৈ ডাইছনে মুকলি কৰিছে এই ‘পেট গ্ৰুম কিট’টো যাক পোহনীয়া জন্তু এটাৰ মধ্যমীয়া দৈৰ্ঘ্যৰ নোমৰ পৰা দীঘল আৰু লেতেৰা নোম পৰিষ্কাৰ কৰিবলৈকে ডিজাইন কৰা হৈছে । এই কিটটোত আছে এটা এডাপ্টাৰ আৰু এডাল এক্সটেনচন কৰ্ড ৷ আনহাতে ইয়াৰ ব্ৰাছটোত আছে ৩৬৪টা স্লিকাৰ ব্ৰিষ্টল যিটো উলম্ব অৱস্থাত ৩৫ ডিগ্ৰী কোণত ঘুৰাব পাৰি যিয়ে ব্ৰাছডাল ব্যৱহাৰ কৰাৰ সময়ত ব্যৱহাৰকাৰীক যথেষ্ট সহায় কৰে ৷
কোম্পেনীটোৰ মতে ইয়াৰ ব্ৰাছ বাৰ ডালৰ আকৃতি শঙ্কুৰ দৰে যিয়ে ইয়াৰ চাৰিওফালে চুলি মেৰিয়াই নোযোৱাত সহায় কৰে। লগতে নতুন ব্ৰাছ বাৰটোত ৫৬টা হেয়াৰ ৰিমুভেল ভেন আছে, যিয়ে পৰিষ্কাৰ মূৰৰ সকলো চুলি সংগ্ৰহ কৰাত সহায় কৰে।এই ব্ৰাছ ভেকুৱাম অন নকৰাকৈও ব্যৱহাৰ কৰিব পাৰি যদিও চুলিখিনি টানি নিবলৈ ইয়াৰ ভেকুৱামটো পাৱাৰ অন কৰিব লাগিব। কোম্পানীটোৱে দাবী কৰিছে যে এই সঁজুলিটোৱে চুলি ব্ৰাছ কৰাৰ উপৰিও মৃত ছালৰ টুকুৰাও পৰিষ্কাৰ কৰিব পাৰে।
উল্লেখনীয় যে এই কৰ্ডলেছ পোহনীয়া জন্তুৰ গ্ৰুমিং কিটটো ‘ডাইছন’ৰ ৱেবছাইট আৰু ডেমো ষ্ট’ৰৰ পৰা গ্ৰাহক সকলে ৯৯০০ টকাত কিনিব পাৰিব বুলি জানিবলৈ দিছে কোম্পেনীটোৱে ।