মাত্ৰ ১৪দিনতে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ প্ৰায় ৪০০০ কিলোমিটাৰ অকলে চাইকেল চলাই ‘বয়স মাত্ৰ এটা সংখ্যা’ বুলি প্ৰমাণ কৰিলে দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া এগৰাকী মহিলাই
চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা পাকিস্তানৰ পশ্চিম সীমান্তৰ কোটেশ্বৰ মন্দিৰৰ পৰা যাত্ৰা আৰম্ভ কৰি গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম আৰু অৰুণাচল প্ৰদেশলৈকে চাইকেলেৰে পুনেৰ প্ৰীতি মাস্কে তেওঁৰ যাত্ৰা কৰিছিল বুলি এই অভিযানৰ মুখ্য দল ঘনশ্যাম ৰঘুৱংশীয়ে পিটিআইক জনায় ৷
১৪ নৱেম্বৰৰ মাজনিশা অৰুণাচল প্ৰদেশৰ চীনৰ সীমান্তৰ সমীপৰ কিবিথুত উপস্থিত হৈ ১৩ দিন ১৯ ঘণ্টা ১২ মিনিটত ৩৯৯৫ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিছিল মাস্কে। মাত্ৰ ১৪ দিনৰ ভিতৰতে তেওঁ দেশৰ পশ্চিমৰ পৰা পূবলৈকে প্ৰথমগৰাকী মহিলা একক চাইকেল আৰোহী হিচাপে পৰিগণিত হয়।মাস্কে পাঁচ বছৰ পূৰ্বে অসুস্থতা আৰু হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ চাইকেল চলোৱাৰ কাম আৰম্ভ কৰিছিল।
ইতিমধ্যে তেওঁ ৱৰ্ল্ড আল্ট্ৰা চাইক্লিং এছ’চিয়েশ্যন আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডো কৰিবলৈ সক্ষম হৈছে ।
মাস্ক বাটত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলি জানিব পৰা গৈছে৷ আনহাতে বিহাৰৰ দৰভংগাৰ পৰা প্ৰচণ্ড বতাহৰ বাবে চাইকেল চলোৱাটো কঠিন আছিল।’ অৰুণাচল প্ৰদেশৰ তেজুৰ পিছত এই পথটো উচ্চতা, বেয়া পথ, বোল্ডাৰ আৰু নিৰ্মাণকাৰ্য্যৰ সৈতে তেওঁ বহু অসুবিধাৰ সন্মূখীন হৈছিল ৷
তদুপৰি অৰুণাচল প্ৰদেশত সন্ধিয়া আৰু নিশাৰ ভাগত ২-৩ ডিগ্ৰী চেলছিয়াছলৈ তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে ৰাইডিং কৰাটো কঠিন হৈ পৰিছিল আৰু তেওঁৰ হাতত পৰ্যাপ্ত গৰম কাপোৰ নাছিল। শূন্য নেটৱৰ্ক আৰু পৰিত্যক্ত পথৰ বাবে তেওঁ দিশ হেৰুৱাইছিল আৰু ৰাতি দীঘলীয়া পথেৰে যাত্ৰা কৰিব লগীয়া হৈছিল।
অৱশ্যে সীমান্ত পথ সংস্থাই প্ৰয়োজনীয় লজিষ্টিক আৰু নেভিগেচনেল সহায় আগবঢ়াইছিল যি তেওঁক অভিযান সম্পূৰ্ণ কৰাত সহায় কৰিছিল।মাস্কে প্ৰথম দহ দিনত প্ৰায় ৩৫০ কিলোমিটাৰ চাইকেল চলাই গড়ে ১৯ ঘণ্টা চাইকেল চলাইছিল। আনহাতে তেওঁ প্ৰকাশ কৰা মতে অসম-অৰুণাচল সীমান্তৰ সমীপত মাস্কৰ ভৰিত তীব্ৰ ক্ৰেম্প হৈছিল। এনে লাগিছিল যে তেওঁ বাকী ৰাইড বন্ধ কৰিব লাগিব কিন্তু মালিচ, ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু জিৰণি লৈ তেওঁ সুস্থ হৈ উঠিছিল ৷
উল্লেখযোগ্য যে ‘ৰিবাৰ্থ থ্ৰাষ্ট’ নামৰ এক সংস্থাৰ উদ্যোগত হোৱা অংগদান কাৰ্য্যসূচীৰ সমৰ্থন আৰু সজাগতা সৃষ্টিৰ বাবে তেওঁ এই অভিযান গ্ৰহণ কৰিছিল।