যুৱ প্ৰজন্মৰ মাজত অত্যাধিক জনপ্ৰিয় বাইক পালছাৰৰ নতুন সংযজন ভাৰতত মুকলি কৰা হৈছে ৷ এন ১৬০ মডেল মুকলি কৰাৰ পিছতে এতিয়া ভাৰতত মুকলি কৰিছে নতুন পালছাৰ পি ১৫০। ইয়াৰ প্ৰাৰম্ভিক মূল্য হ’ব ১.১৭ লাখ টকা ৷ অৱশ্যে পালছাৰ পি১৫০ৰ টুইন ডিস্ক সংযোজিত মডেলৰ প্ৰাৰম্ভিক মূল্য হ’ব ১.২০ লাখ টকা ৷
ডিজাইনৰ ক্ষেত্ৰত পি১৫০-এ নতুন প্ৰজন্মৰ পালছাৰৰ ডিজাইনৰ দিশ অনুসৰণ কৰে ৷ নতুন আণ্ডাৰবডি এক্সজেষ্টকে ধৰি পুৰণি ১৫০ পালছাৰ খনতকৈ অধিক আকর্ষণীয় ৰূপত দেখা গৈছে। বাজাজে একক-ডিস্ক আৰু টুইন-ডিস্ক ভেৰিয়েন্টৰ মাজত কিছু পাৰ্থক্যৰ সংযোজন কৰিছে ৷ নতুন পালছাৰখনৰ হুইলবেচ হৈছে ১৩৫২ মিলিমিটাৰ ৷ চিংগল ডিস্ক ভেৰিয়েন্টত এটা ৱান-পিচ ছিট আৰু এটা চিংগল টিউবুলাৰ হেণ্ডেলবাৰ সংযোজন কৰা হৈছে ৷ নতুন মডেলত ছাচপেনচনৰ উন্নীতকৰণো কৰা হৈছে ৷ পুৰণি ১৫০ৰ টুইন ৰিয়াৰ শ্বকসমূহৰ ঠাইত মনোশ্বক দিয়া হৈছে ৷ আনহাতে সন্মুখত দিয়া হৈছে ৩১ মিমি টেলিস্কোপিক ফৰ্ক ৷
নতুন পি১৫০ চিংগল-ডিস্ক মডেল পুৰণি পালছাৰ ১৫০তকৈও লঘু কৰি তোলা হৈছে ৷ যদিও টুইন ডিস্কৰ মডেল প্ৰায় ৪ কিলোগ্ৰাম গধুৰ। নতুন পি১৫০ক শক্তি প্ৰদান কৰা হৈছে নতুন ১৪৯.৬৮চিচি, একক চিলিণ্ডাৰ এয়াৰ-কুল্ড ইউনিটেৰে ৷ নতুন মডেলত পাঁচ স্পীড গিয়াৰবক্স সংযোজন কৰা হৈছে। ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, গিয়াৰ সূচক, এল ই ডি প্ৰজেক্টৰ হেডলেম্প আৰু টেইল-লেম্প আৰু এটা ইউএছবি চাৰ্জাৰকে ধৰি কেতবোৰ নতুন প্ৰযুক্তি ইয়াত সংযোজন কৰা হৈছে ।মূল্যৰ ক্ষেত্ৰত নতুন পালছাৰ পি১৫০ৰ দাম পুৰণি মডেলতকৈ প্ৰায় ৬ হাজাৰ টকা বেছি।