মধ্যপ্ৰদেশৰ ৰাতলাম জিলাত ১৭ বছৰীয়া কিশোৰ ললিত পাটিদাৰ।যাক প্ৰথমবাৰ দেখি সকলোৱে ভয় খায়,খোৱাটোৱেই স্বাভাৱিক। কাৰণ হ’ল তেওঁৰ গোটেই মুখমণ্ডলত দীঘল চুলিৰ উপস্থিতি। জন্মৰ পৰাই তেওঁৰ মুখত আছে এই চুলিবোৰ। যাৰ বাবে কেতিয়াবা অস্বস্তিত ভোগে ললিতে। ললিতৰ পৰিয়ালে বহু ডাক্তৰক দেখুৱাইছিল যদিও ক’তো চিকিৎসা কৰিব পৰা নগ’ল এই ব্যাধিৰ।
আনহাতে চিকিৎসকে ইয়াক এক বিৰল আৰু দুৰাৰোগ্য ৰোগ বুলি অভিহিত কৰে। তথ্য অনুসৰি ললিত ৰাতলাম জিলাৰ নন্দলেট গাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃ বক্তলাল পাটিদাৰ এজন খেতিয়ক। ললিত ৪ গৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ। লগতে গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ললিত যাক সৰুতে বাল হনুমান বুলি গণ্য কৰি গাঁৱৰ মানুহে পূজা কৰিছিল।
মুখমণ্ডলত থকা চুলিৰ বাবে ললিতে খাদ্য খোৱাত বহুত অসুবিধা পায়, কাৰণ খোৱাৰ সময়ত চুলিবোৰ তেওঁৰ মুখলৈ আহে। এতিয়ালৈকে তেওঁৰ ৰোগৰ কোনো নিৰাময়ৰ কথা কোৱা নাই চিকিৎসকে। অৱশ্যে বৰোদাৰ এগৰাকী চিকিৎসকে ললিতৰ ২১ বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্লাষ্টিক চাৰ্জাৰী কৰিব বুলি কোৱা হৈছে। এতিয়া সেয়ে ললিতে অপেক্ষা কৰি আছে তেওঁৰ ২১ বছৰ হোৱালৈ।
এজন ইউটিউবাৰ হ’বলৈ বিচাৰে ললিতে। অৱশ্যে ইয়াৰ বাবে তেওঁ চেষ্টাও কৰি আছে। ললিতৰ আত্মীয় সকলৰ মতে ললিতৰ মুখত সৰুৰে পৰা দীঘল চুলি আছিল। তেওঁলোকে বহু ডাক্তৰক দেখুৱাইছিল কিন্তু সকলোৱে ক’লে যে ই এক দুৰাৰোগ্য ৰোগ। সেয়েহে এতিয়া সকলো সৰ্বশক্তিমানৰ হাতত অৰ্পন কৰিছে তেওঁলোকে। ললিতৰ ২১ বছৰ হ’লেই এজন চিকিৎসকে কৰিব ললিতৰ প্লাষ্টিক চাৰ্জাৰী। এতিয়া ললিত মাথোঁ অপেক্ষাৰত সেই বিশেষ দিনটোৰ বাবে।