“দেশতকৈ মোমাই ডাঙৰ নহয়’ এইষাৰ কথা কৈ দেশৰ বাবে নিজৰ আত্মীয়ৰ শিৰচ্ছেদ কৰা বীৰ অসমীয়া সেনাপতি লাচিত বৰফুকন। অৱশ্যে বৰ্তমান সময়ত এই উক্তিক লৈ বহু মতানৈক্য দেখা যায় যদিও অসমীয়া সকলৰ মাজত এই উক্তি সদা প্ৰচলিত। দেশ প্ৰেমৰ কথা আহিলেই এই উক্তিৰ স্থান যেন সকলোতকৈ আগত।
অৱশ্যে বৰ্তমান সময়ত অসমৰ জাতীয় বীৰ গৰাকীৰ ৪০০বছৰীয়া জন্মজয়ন্তী উদযাপনৰ উৎসাহ উদ্দীপনাৰে সাৰ পাই উঠিছে সমগ্ৰ অসম তথা অসমীয়া জাতি। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীলৈকে সম্প্ৰসাৰিত হৈছে এই উদযাপনৰ কিছু অংশ।
এইবাৰ অসম চৰকাৰৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেইবাদিনীয়াকৈ অসমৰ ঠায়ে ঠায়ে উদযাপন কৰা হৈছে লাচিত দিৱস। লগতে বীৰ লাচিতৰ সাহস আৰু বীৰত্ব সম্বলিত জীৱন কাহিনীৰ আলম লৈ ৰচনা লিখাৰ বাবে অসম চৰকাৰৰ যি পদক্ষেপ সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।
এই ৰচনা সমূহৰ মাজৰ পৰাই আজি কেইদিনমানৰ পৰা প্ৰায়বোৰ সামাজিক মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হৈছে বীৰ লাচিত বৰফুকনৰ এখন ৰচনা।দীপক মালাকাৰ নামৰ এজন সপ্তম/অষ্টম শ্ৰেণীৰ ছাত্ৰই লিখা বুলি প্ৰকাশ কৰা এই ৰচনাখনক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে সামাজিক মাধ্যমত। বহুতজনৰ মতে কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে কৰা ই এক ধেমালিহে। কাৰণ অসমীয়া নজনা ছাত্ৰ এজনৰ হাতৰ আখৰ ইমান ধুনীয়া হ’ল কেনেকৈ! অৱশ্যে এই কথাষাৰৰো যুক্তিযুক্ততা নথকা নহয় ।
আনহাতে আকৌ বহুতৰ মতে ই জাতীয় বীৰজনাৰ ঘোৰ অপমান।
বহুতেই আকৌ ৰচনা খনত উল্লেখ কৰা ‘ডিঙি বা মূৰ নাকাটি হাত-ভৰি কাটিব পাৰিলে হেঁতেন ‘জাতীয় কথাষাৰ সমৰ্থন কৰি ইতিবাচক মন্তব্য প্ৰদান কৰাও দেখা গৈছে সামাজিক মাধ্যমত।বহুজনেই সামাজিক মাধ্যমত ৰচনাখন আপলোড কৰাৰ পিছত এই সন্দৰ্ভত বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে যাৰ ফলত বৰ্তমান সময়ত নিশ্চয়কৈ ই এক চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে যে সঁচাকৈয়ে ই এজন ছাত্ৰৰ অজ্ঞতা নে অসমীয়া জাতিৰ অহংকাৰ, অসমীয়া জাতিৰ সাহস জাতীয় বীৰ জনাৰ সাহসিকতা নাইবা বীৰত্বৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰি কোনো বিকৃত মানসিকতাৰ লোকে কৰা এক ভেঙুচালিহে !