আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল অসমীয়া ছবি।টৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
ডিমাছা ভাষাৰ ছবি ‘ছেমখোৰ’ৰ বাবে অভিনেত্ৰী গৰাকীয়ে লাভ কৰিছে এই সন্মান।উল্লেখ যোগ্য যে ’ছেমখোৰ’ আইমী বৰুৱা দ্বাৰা পৰিচালিত প্ৰথমখন বোলছবি।
বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা অভিনেত্ৰী গৰাকীয়ে এই বঁটাৰ বাবে ছবিখনৰ সৈতে জড়িত সকলো শিল্পী আৰু কলা-কুশলীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে’প্ৰত্যকজন অসমীয়া আৰু ডিমাচা লোকৰ আৰ্শীবাদৰ বাবে মই এই সন্মান পাবলৈ সক্ষম হৈছোঁ। ছেমখোৰৰ প্ৰতিগৰাকী শক্তিশালী মহিলা, আই-মাতৃ আৰু প্ৰতিগৰাকী নাৰীলৈ মই এই বঁটা উৎসৰ্গা কৰিছোঁ।’
চলচ্চিত্ৰ খনত ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত সকলো দিশ আৰু ঐতিহ্যক বাস্তৱিকভাৱে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।
ইয়াৰোপৰি ছেমখোৰ ছবিখনে টেগৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো ৩ টাকৈ শিতানত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।