কম-বেছি পৰিমাণে সকলোৱে টাবতে হওঁক বা বাগানতে হওঁক খেতি কৰি ভাল পায়। বহুতে ঘৰৰ ভিতৰত ইন্দৰ প্লেণ্ট লগাই ঘৰ সজায়। এনেধৰণে অকল ঘৰৰ সৌন্দৰ্যই বৃদ্ধি হয় এনে নহয় ইয়াৰ পৰা ইতিবাচক শক্তি তথা সুখ-সমৃদ্ধিও বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। সকলো গছেই যে সুফল দিয়ে এনে নহয়, বাস্তু শাস্ত্ৰ অনুসৰি কিছুমান গছৰ পৰা ভাল ফলৰ পৰিৱৰ্তে বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। যিবিলাক গছক ( Bad Luck Plants ) বুলি জনা যায়। জানো আহকচোন এই গছ বোৰৰ বিষয়ে—
১) ক্যাকটাছ :- কাটা জাতীয় এই গছ বিধ হ’ল বাধা -বিপত্তিৰ প্ৰতীক। এই গছ বিধ ঘৰত থাকিলে ঘৰত নেতিবাচক শক্তি প্ৰৱেশ কৰে। হতাশা -আৰু দুৰ্দশাই আবৰি ধৰাৰ লগতে পাৰস্পৰিক বিভেদ আৰু কাজিয়া -কন্দলত জৰ্জৰিত হয় পৰিয়াল।
২) বনসাই :- আজিকালি বনসাই লগাই ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰে যদিও এই ধৰণৰ গছ ঘৰত নলগাই উত্তম। কাৰণ এই ধৰণৰ গছ থাকিলে মানুহ আগবাঢ়ি যাব নোৱাৰে , উন্নতি স্তব্ধ হয়।
৩) নেমু আৰু আমলখি :- নেমু আৰু আমলখি খোৱা স্বাস্থ্যৰ বাবে উপকাৰী যদিও এই গছ ঘৰৰ বাৰীত নলগাই অলপ আঁতৰত ৰুব লাগে। আমলখি আৰু নেমু টেঙা হোৱাৰ বাবে মানুহৰ মাজত মধুৰতা নোহোৱা হৈ যায়।
৪) জেতুকা গছ :- জেতুকাৰ পাত অতি উপকাৰী। বিয়াত জেতুকা লগোৱা অতি শুভ কাম বুলি ধৰি লোৱা হয়। কিন্তু এই গছ ঘৰত ৰখা একেবাৰে ঠিক নহয়। এই গছ ঘৰত থাকিলে পৰিয়ালৰ মাজত অশান্তিয়ে দেখা দিব পাৰে।
৫) তেঁতেলী গছ :- তেঁতেলী গছ বাৰীত থাকিলে ঘৰত নেতিবাচক শক্তি বৃদ্ধি পায়। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটে। আৰ্থিক দুৰ্দশাই দেখা দিয়ে।
৬) বগৰী :- শীতকালত বগৰী খাই সকলোৱে ভাল পায়। কিন্তু এই কাটা যুক্ত গছ ঘৰত লগালে মা লক্ষী অসন্তুষ্ট হয় আৰু যাৰ ঘৰত এই গছ বিধ থাকে তাৰ ঘৰত লক্ষীয়ে বাস নকৰে।