অতি শীঘ্ৰেই ‘গৰীমা দেৱী মিউজিক ইউটিউব’চেনেল যোগে মুক্তি লাভ কৰিব গৰীমা দেৱীৰ একক কণ্ঠত বাণীবদ্ধ হোৱা এটি সৰ্বাংগ সুন্দৰ গীত ‘অশ্ৰু বৰষা’ৰ ভিডিঅ’ই ৷ বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় তথা প্ৰতিভাৱান যুৱ কণ্ঠশিল্পী গৰীমা দেৱীৰ একক কণ্ঠত বাণীবদ্ধ হোৱা ‘অশ্ৰু বৰষা’ শীৰ্ষক গীতটো শীঘ্ৰেই সংগীত প্ৰেমী সকলৰ মাজলৈ আগবঢ়াই দিয়া হ’ব বুলি জনাইছে ‘গৰীমা মিউজিক প্ৰডাকছনে’৷
‘অশ্ৰু বৰষা’ শীৰ্ষক সৰ্বাংগসুন্দৰ গীতটোৰ কথা আৰু সুৰ মনোজ মতীন দাসৰ ৷ আনহাতে সংগীত আৰু মিক্সিং পলাশ গগৈৰ ৷ লগতে গীতটোৰ ভিডিঅ’ পৰিচালনা কৰিছে ধনজিৎ দাসে আৰু অভিনয়ত আছে অসমৰ কেইগৰাকীমান স্বানামধন্য অভিনেতা-অভিনেত্ৰী প্ৰতিভা চৌধুৰী, পাৰ্থ প্ৰতীম বৰুৱা,মালা গোস্বামী আদি ৷ গৰীমাই নিজেও গীতটোৰ ভিডিঅ’ত সুন্দৰ ভিনয় কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷ ‘অশ্ৰু বৰষা’ ৰ ভিডিঅ’ সম্পাদনাৰ দায়িত্বত আছে অসীম শৰ্মা আৰু গীতটোৰ ভিডিঅ’ৰ ক্ষেত্ৰত কেমেৰা বিপুল দাস(মিৰ্জা)ৰ ৷ আনহাতে প্ৰসাধন চুমি আৰু বাবলুৰ ৷ গীতটোৰ প’ষ্টাৰ নিৰ্মাণৰ কামত সহযোগিতা আগবঢ়াইছে পাৰ্থ জিত হীৰাই ৷
‘গৰীমা মিউজিক প্ৰডাকছন’ৰ দ্বাৰা মুক্তি লাভ কৰিব লগীয়া এই ভিডিঅ’টোৰ বিষয়ে সামাজিক মাধ্যম ফেচবুক যোগে প্ৰকাশ কৰি কণ্ঠশিল্পী গৰীমা দেৱীয়ে গীতটি নিৰ্মাণৰ সৈতে জড়িত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সংগীতটোৰ সৈতে জড়িত আদিত্যম শইকীয়াক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷
এতিয়ালৈকে বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাবান শিল্পী গৰীমা দেৱীয়ে অসমৰ চুকে-কোণে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সৰু কালৰ পৰাই অসমৰ কেইবাগৰাকীও আগশাৰীৰ সংগীত গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰাৰ উপৰিও গৰীমাই শাস্ত্ৰীয় সংগীত,বৰগীত,লোকগীতকে আদিকৰি বিভিন্ন দিশত পাৰ্গত হৈ উঠাৰ লগতে তবলা,গীটাৰ বাদনৰ শিক্ষা লাভ কৰি প্ৰকৃতাৰ্থত এগৰাকী সঁচা শিল্পী হোৱাৰ পথ প্ৰশস্ত কৰি তুলিছে ৷ অৱশ্যে এই ক্ষেত্ৰত প্ৰতিভাশালী গৰীমাৰ কাষত প্ৰতিমূহুৰ্ততে থিয় হৈ তেওঁক আগবাঢ়ি যাবলৈ সাহস যোগাইছে তেওঁৰ পিতৃ-মাতৃয়ে ৷