আজি লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে নগাঁৱৰ পুৰণিগুদামৰ ওচৰৰ ভীমৰ গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা । উচ্চ শিক্ষা আৰু জীৱিকাৰ সন্ধানত তেওঁ শ্বিলঙলৈ গৈ তাত অসম চৰকাৰৰ ৰেচম বিভাগত চাকৰি কৰাৰ লগতে পঢ়া-শুনাও চলাই যায় । সেই সময়তে শ্বিলং অনাতাঁৰ কেন্দ্রৰ পৰা তেওঁৰ গীত প্ৰচাৰ হ’বলৈ ধৰে । শ্বিলঙত থকা সময়তে তেওঁ কেশৱ মহন্ত ৰচিত কলৰে পাততে কাউৰী পৰে শীৰ্ষক জনপ্ৰিয় গীতটোত সুৰ দিয়ে । পিছলৈ তেওঁ গুৱাহাটীলৈ আহি অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত যোগদান কৰে । অসমীয়া লোকসংগীতৰ আধাৰত তেওঁ সুৰাৰোপ কৰা গীতবোৰ আজিও জনপ্ৰিয় । তেওঁৰ পকাধানৰ মাজে মাজে সৰু সৰু আলি, অ তুলতুল অ বুলবুল, অ এৰা জেতুকী বাই, বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, জোনধনে জোনালীতে আদি গীত শ্ৰোতাৰ মনত আজিও ৰৈ ৰৈ বাজি আছে । তেওঁ আনন্দিৰাম দাসৰ বনগীতসমূহকো উন্নীত কৰি তুলিছিল । বৰেণ্য শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।