গুৱাহাটীৰ হোটেলত বাহৰ পাতিয়েই ৫ মাহ পূর্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ মানচিত্ৰ সলনি কৰি পেলাইছিল বিদ্ৰোহী বিধায়ক তথা বর্তমানৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই ৷ শিৱসেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি একনাথ ছিন্দেৰ গোটে দখল কৰিছিল মহাৰাষ্ট্ৰৰ শাসনৰ গাদী ৷ চৰকাৰ গঠনৰ পাঁচ মাহৰ পাছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দে আজি ২০০ জনীয়া প্ৰতিনিধি দলসহ পুনৰ গুৱাহাটীলৈ আহিছে ৷ অৱশ্যে এইবাৰ কোনো ৰাজনৈতিক উদ্দেশ্য লৈ অহা নাই তেওঁলোক ৷ বৰঞ্চ কামাখ্যা মন্দিৰত আশীষ ল’বলৈ আহিছে মুখ্যমন্ত্ৰীসহ দলটো ৷
মুম্বাইৰ পৰা গুৱাহাটীলৈ যোৱা বিশেষ বিমানখনত ছিন্দেৰ সৈতে ৪০ জন বিধায়ক আৰু সাংসদ আছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰিব ৷ দুপৰীয়া মন্দিৰ পৰিদৰ্শন কৰাৰ পাছত ৰেডিছন ব্লুত নিশা কটাব ৷ কাইলৈ পুৱা তেওঁ মুম্বাইলৈ উভতি যাব। জুন মাহত যেতিয়া তেওঁ গুৱাহাটীত বাহৰ পাতি আছিল তেতিয়া ছিন্দেই কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল।