তালিবানে আফগানিস্তান নিজৰ ক্ষমতালৈ অনাৰ পাচত এটা টিভি চেনেলৰ এগৰাকী আফগানী মহিলা সাংবাদিকক বৰ্খাস্ত কৰে নিজৰ কৰ্তব্য পালনৰ পৰা। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পষ্ট কৰি সহায় বিচাৰি মহিলা গৰাকীয়ে কয় যে পৃথিৱীৰ যিসকল লোকে তেঁওৰ কথা শুনিছে তেঁওক যেন সহায় কৰে।
জনপ্ৰিয় বাতৰি পৰিবেশক শ্ববনম দাওৰন নামৰ এই মহিলাগৰাকীয়ে এখন হিজাব পৰিধান কৰি নিজৰ কাৰ্যালয়ৰ কাৰ্ডখন দেখুৱাই কয় যে তেঁওলোকৰ জীৱনবোৰ আহি পৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ। ভিডিঅ‘ টোত তেঁও জনোৱা মতে সমগ্ৰ দেশতে হোৱা পৰিৱৰ্তনৰ পাচতো তেঁও হাৰ নামানি কাৰ্যালয়লৈ গৈছিল কিন্তু দুৰ্ভাগ্যজনক ভাৱে পৰিচয় পত্ৰ দেখুওৱাৰ পাচতো তেঁওক প্ৰৱেশৰ বাবে অনুমতি দিয়া নহ’ল। সমগ্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাৰ বাবে তেঁও আৰু নিজৰ কৰ্তব্য কৰিব নোৱাৰে। কেৱল পুৰুষ সকলেহে কৰিব পাৰিব নিজৰ কাম।
উল্লেখ্য যে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে চলা তালিবানৰ শাসনৰ সময়ত মহিলাসকলক সামাজিক ক্ষেত্ৰ, বিদ্যালয়, বিনোদনধৰ্মী কাৰ্য্যৰ পৰা বৰ্জন কৰাৰ লগতে নিৰ্দয়ভাৱে শাস্তি দিয়া হৈছিল। আনহাতে আজি কেইমাহমান ধৰি উগ্ৰবাদী তালিবানে দেশত আধিপত্য স্থাপন কৰিবৰ বাবে মহিলা সাংবাদিকসকলক হত্যাৰ বাবে লক্ষ্য কৰি আহিছিল।
আজি কিছুদিনৰ আগতে বিজুলীগতিত তালিবানে আফগানিস্তান কব্জা কৰাৰ পাচত জনাইছিল যে মহিলাসকলক শিক্ষা আৰু কামৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ দিয়া হ’ব আৰু সংবাদ মাধ্যম হ’ব স্বতন্ত্ৰ। কিন্তু দুৰ্ভাগ্যজনক ভাৱে ইয়াৰ এক বিপৰীত দৃশ্য হে দেখিবলৈ পোৱা গ’ল।
দাওৰন নামৰ মহিলা সাংবাদিকগৰাকী আফগানিস্তানত ৬ বছৰ ধৰি কৰ্মৰত হৈ আছিল। প্ৰসিদ্ধ বাতৰি পৰিবেশক গৰাকীয়ে দীৰ্ঘদিন ধৰি কৰ্তব্য কৰি অহা নিজৰ কাৰ্যালয়তে প্ৰবেশৰ বাবে অনুমতি নাপালে, য’ত পুৰুষ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনে কোনো বাধা নাছিল।
উল্লেখ্য যে আফগানিস্তানৰ ট’ল‘ নিউজ (TOLOnews) নামৰ এটা নিউজ চেনেলত কৰ্মৰত মিৰাকা প’পাল নামৰ এজন লোকে, মহিলা সাংবাদিক গৰাকীৰ সেই ভিডিঅ’ শ্বেয়াৰ কৰে। বুধবাৰে তেঁও টুইটাৰত লিখিছে যে তালিবানে ট’ল‘ নিউজৰ তেঁওৰ পূৰ্বৰ এগৰাকী সহকাৰী কৰ্মী তথা প্ৰসিদ্ধ বাতৰি পৰিবেশক শ্ববনম দাওৰনক কাম কৰাৰ অনুমতি নিদিলে।
আনহাতে মংগলবাৰেও এটা টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি প’পালে লিখিছিল যে তেঁওলোকে মহিলা বাতৰি পৰিবেশকৰ লগত পুনৰবাৰ কাম কৰা আৰম্ভ কৰিছে।