ভাওনা অসমীয়াৰ গৌৰৱ ৷ মহাপুৰুষজনাৰ মহান অৱদান ক্ৰমাৎ হেৰাই যাবলৈ ধৰা এই ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা সেয়ে অসমৰ কেইটামান লেখত ল’বলগীয়া সচেতন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ ৷ তাৰ মাজত অন্যতম অনুষ্ঠান ‘গুৱাহাটী ভাওনা সমাৰোহ’ যাক নতুনকৈ নামাকৰণ কৰা হৈছে ‘উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ’ নামেৰে ৷ এইবাৰ এক অভিনৱ পদক্ষেপ ল’বলৈ অগ্ৰসৰ হৈছে ‘উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ’ ৷ সেই উপলক্ষে ২৭ নৱেম্বৰ ৰবিবাৰে পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত বিপনন ক্ষেত্ৰত ‘গুৱাহাটী ভাওনা সমাৰোহ’ৰ বিষয়ববীয়া সকল মিলিত হৈ পৰৱৰ্তী কাৰ্য্যসূচী সম্পৰ্কত এক জৰুৰী আলোচনাত মিলিত হয়। বৈঠকখনত অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক প্ৰভাত বৰদলৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আগন্তুক ‘আমন্ত্ৰণমূলক ভাওনা প্ৰতিযোগিতা’ খনৰ বাবে দিন নিৰ্দ্ধাৰণ তথা উদযাপন কমিটি গঠন আদি বিষয় সমূহ আলোচনাৰ বাবে আগবঢ়ায়।
আনহাতে ‘গুৱাহাটী ভাওনা সমাৰোহ’ৰ সভাপতি ড০ শিখা বেজবৰুৱা গোস্বামীয়ে মূল কমিটিখনৰ পৰিসৰ উন্নত কৰি নতুন নাম আৰু কৰ্মসূচী অন্তৰ্ভুক্ত কৰা বিষয়ত মত পোষণ কৰে। এই আলোচনাত বিশিষ্ট জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী অশোক শইকীয়া, মহেশ্বৰ বৰাই ‘উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ’ নামটোৰ প্ৰস্তাৱ আগবঢ়োৱাত উপস্থিত সকলোৱে সমৰ্থনত অনুষ্ঠানটোৰ নতুন নাম হয় ‘উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ’।’
লগতে গুৱাহাটী ভাওনা সমাৰোহ-২০২২’ ৰ সভাপতি আৰু সাধাৰণ সম্পাদকেই পুনৰ নতুন কমিটিখনৰ দায়িত্বত থকা উচিত বুলি বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় যুৱ-অভিনেতা তথা ভাওনা পৰিচালক ময়ূৰ কলিতাই প্ৰস্তাৱ আগবঢ়োৱাত সদস্যা নিভা দাস, ভিকুইলীনা দলৈ আৰু ৰিংকু ভাগৱতীৰ লগতে সকলোৱে সমৰ্থন আগবঢ়ায়। সেই মৰ্মে সদ্যহতে আঠজন উপদেষ্টা, দহজন পৃষ্ঠপোষক সহ মুঠ তেৰজনীয়া এখন কমিটি গঠন কৰা হয়। সভাত আগন্তুক ভাওনা প্ৰতিযোগিতালানি ২০২৩ৰ জানুৱাৰী মাহৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ মাহৰ ২৩ তাৰিখৰ পৰা ২৭ তাৰিখত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি এখন তদৰ্থ উদযাপন কমিটি গঠন কৰা হয়। উক্ত তদৰ্থ কমিটিখনত প্ৰাৰম্ভিকভাৱে সভাপতি ৰূপে বিশিষ্ট সমাজসেৱিকা বন্দনা বৰঠাকুৰ আৰু কাৰ্যকৰী সভাপতি ৰূপে বিশিষ্ট শৰীৰচৰ্চাবিদ মিঃ ইণ্ডিয়া বিজিত গগৈৰ লগতে সাধাৰণ সম্পাদক হিচাপে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰদীপ দত্তৰ নাম বাঁচনি কৰা হয়। ড০ সুৰঞ্জনা কলিতা,আজিমুদ্দিন আহমেদ আৰু বিপিন কুমাৰ দত্তৰ নাম উপসভাপতি পদৰ বাবে বাঁচনি কৰা হয় ।উদযাপন সমিতিৰ প্ৰতিযোগিতা পৰিচালনা আৰু সাংস্কৃতিক বিভাগৰ দায়িত্ব মূল কমিটিৰ সভাপতি,সম্পাদক ক্ৰমে ড°শিখা বেজবৰুৱা গোস্বামী আৰু প্ৰভাত বৰদলৈকে সভাই অৰ্পণ কৰে।গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই আমন্ত্ৰণমূলক ভাওনা প্ৰতিযোগিতাৰ স্থান হিচাপে গুৱাহাটীৰ ভিন্ন স্থানৰ তিনিটা নামঘৰ, কলাক্ষেত্ৰ, ইউ এছ টি এমৰ প্ৰেক্ষাগৃহ আদিৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পৰৱৰ্তী সভাত সিদ্ধান্ত লোৱাৰ প্ৰস্তাৱ লৈ সভাৰ সামৰণি মৰা হয়।
উল্লেখযোগ্য যে এই অনুষ্ঠানটোৱে আজি বহুবছৰৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনু্ঠান অনুষ্ঠিত কৰাৰ লগতে বিশেষকৈ ভাওনা সংস্কৃতিক নৱপ্ৰজন্ম তথা বিশ্ৰব দৰবাৰলৈ লৈ যোৱাৰ ক্ষত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে ৷ অনুষ্ঠানটোৰ দ্বাৰা মহানগৰৰ কেইবাখনো মঞ্চত মঞ্চস্থ হোৱা ‘মহিলা-ভাওনা’ ইয়াৰ এক অন্যতম নিদৰ্শন ৷ এই ক্ষেত্ৰত ৰাইজৰ পৰাও সহায়-সহযোগিতা লাভ কৰিব বুলি তেওঁলোক আশাবাদী ৷