ভ্ৰমণ বিলাসী লোকসকলৰ বাবে এখন মোহনীয় ঠাইৰ আলোকচিত্ৰ বা ঠাইখনৰ সবিশেষ সদায়েই গুৰুত্বপূৰ্ণ ৷ তেওঁলোকে সদায়েই কোনো এখন ঠাইৰ বিষয়ে আৰু অধিক জানিবলৈ উৎসুকতাৰে বাট চাই ৷ আজি সেয়েহে তেনে কেইখনমান ঠাইৰ বিষয়ে জনাবলৈ ওলাইছোঁ যি কেইখন ঠাইলৈ যাবৰ বাবে সদায়েই ইচ্ছুক হৈ থাকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক ৷
বছৰৰ যিকোনো সময়তে ভ্ৰমণ কৰিব পৰা ঠাই হ’ল ইউৰোপ ৷ যিকোনো সময়তে ইউৰোপ মহাদেশৰ ভ্ৰমণ হ’ব পাৰে ৰোমাঞ্চকৰ । কিন্তু শীতকালত অৱশ্যে ইউৰোপ আৰু আধিক মোহনীয় হৈ পৰে কাৰণ সমগ্ৰ ইউৰোপ এই সময়ছোৱাত বৰফেৰে আবৃত হৈ থাকে যি পৰ্য্যটক সকলৰ যাত্ৰাক বিশেষ কৰি তুলিব পাৰে।
ফিনলেণ্ডৰ হেলচিংকি আৰু ৰ’ভানিয়েমি-অতি আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্য্যই ফিনলেণ্ডক শীতকালৰ এক আদৰ্শ গন্তব্যস্থানলৈ পৰিণত কৰে । অৱশ্যে প্ৰচণ্ড বৰফৰ সৈতে ঠাণ্ডা অনুভৱেৰে ভ্ৰমণ কাৰী সকলে ইয়াত যেন এক সুকীয়া আমেজ লাভ কৰে ৷আনহাতে শীতকালত ফিনলেণ্ডৰ ৰাজধানী চহৰ হেলচিংকিৰ বিখ্যাত বৰদিনৰ বজাৰখন আৰু চহৰখন আটকধুনীয়াকৈ সজাই তোলা হয়।চহৰখনত বহুকেইটা সংগ্ৰহালয় আছে ৷ আনহাতে স্নোমোবাইলিং বা বৰফত মাছ ধৰা, ৰেণ্ডিয়াৰ আৰু হাস্কি ফাৰ্ম ভ্ৰমণ আৰু চান্টাক্লজ ভিলেইজত নিজেই চান্টাক লগ পোৱাই হৈছে ইয়াৰ বিশেষ আকৰ্ষণ। আনহাতে পৰ্য্যটকসকলে কাঁচৰ ইগলু এটাও থাকিবলৈ বাছি ল’ব পাৰে!
অষ্ট্ৰিয়াৰ ইনছব্ৰুক আৰু ছালজবাৰ্গ-স্কী কেপিটেল হিচাপে জনাজাত এই ইনছব্ৰুক চহৰখনৰ বহুতো স্কি ৰিজৰ্ট শীতকালীন ক্ৰীড়াৰ বাবে বিখ্যাত। মানুহে বৰফেৰে আবৃত পাহাৰৰ এঢলিয়াত স্কিইং কৰি ইমানেই ডুব যায় যে হাপচবাৰ্গ সাম্ৰাজ্যৰ বহুতো মনোমোহা কীৰ্তিচিহ্ন চাবলৈ পাহৰি যায়।
ছালজবাৰ্গ হৈছে অষ্ট্ৰিয়াৰ আন এখন চহৰ যিয়ে শীতকালত সৰগৰ দৰে মনোমোহা ৰূপ ধাৰণ কৰে। য’ত ঠাণ্ডা ৰাতিবোৰত পৰ্য্যটকক গ্লুহৱেইনৰ সুগন্ধিৰে আকৰ্ষণ কৰে (উষ্ণ ৱাইন যাৰ অৰ্থ স্কিৰ পিছত লোৱা পানীয় হিচাপে)। চহৰখনত ছালজবাৰ্গ কেথেড্ৰেল আৰু হোহেনছালজবাৰ্গ দুৰ্গৰ দৰে আচৰিত স্থানো আছে যিবোৰ ভ্ৰমণকাৰীৰ বাবে যেন একো একোখন স্বৰ্গহে ৷
চুইজাৰলেণ্ডৰ লুচাৰ্ণ-চুইজাৰলেণ্ডৰ আল্পছৰ হয়তো পৰিচয়ৰ কোনো প্ৰয়োজন নাই। ইয়াৰ জিলিকি থকা বগা শিখৰৰ মোহনীয় সৌন্দৰ্য্য সমগ্ৰ বিশ্বৰ ভ্ৰমণকাৰীসকলৰ সৰ্বকালৰ প্ৰিয় স্থান । লুচাৰ্ণ আল্পছ পৰ্বতমালাৰে আগুৰি থকা এখন অদ্ভুত সৰু চহৰ য’ত শীতকালীন ক্ৰীড়াৰ বাবে বহু সুবিধা আছে। পুৰণি চহৰখন আৰু ইয়াৰ খ্ৰীষ্টমাছৰ বজাৰখনৰ মাজেৰে খোজ কাঢ়ি গ’লেই ই পৰ্য্যটকক যেন প্ৰেম আৰু পোহৰৰ এক মনোমোহা দেশলৈ লৈ যায়।
পেৰিছ, ফ্ৰান্স- যুগ যুগ ধৰি বিশ্ববাসীৰ আকৰ্ষণৰ কেন্দ্ৰ পেৰিছ । বৰফেৰে আবৃত মোহনীয় প্ৰাকৃতিক দৃশ্যৰ সৈতে চহৰখন দেখিলে এনে লাগে সঁচা নহয় যেন এখন ছবিহে ৷ জানুৱাৰী মাহৰ শেষৰ ফালে আৰু ফেব্ৰুৱাৰী মাহত পেৰিছত বৰফ পৰে ৷ অৱশ্যে সাগৰৰ ওচৰত থকাৰ বাবে পেৰিছত বৰফ বৰ বেছি নহয়।