আজি জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস । তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰি ওকালতি কৰাৰ লগতে সমাজসেৱাতো ব্ৰতী হৈছিল । অসমৰ ভূমিপুত্ৰসকলৰ উন্নতিৰ বাবে তেওঁ ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁৱৰ ৰহাত এখন জনগোষ্ঠীয় সন্মিলন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ চমুকৈ ট্ৰাইবেল লীগ গঠন কৰে । তেওঁ তেৰ বছৰ কাল একেৰাহে লীগৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৩৫ চনত তেওঁ ডিব্ৰুগড় উকীল সন্থা গঠনতো আগভাগ লৈছিল । ১৯৪৫ চনত তেওঁ অসমৰ আন আন জনগোষ্ঠীয় নেতাসকলৰ সৈতে মিলি শ্বিলঙত আছাম ট্ৰাইবছ এণ্ড ৰেচেজ ফেডাৰেচনৰ জন্ম দিয়ে । এই উপলক্ষে অনুষ্ঠিত অধিৱেশনতে অসমক ভাৰতৰ পৰা পৃথক কৰি সুকীয়া সাৰ্বভৌম ৰাষ্ট্ৰ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল । ১৯৪৬ চনত তেওঁ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰ দায়িত্ব বহন কৰিছিল । ব্ৰিটিছে গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ লোৱা প্ৰস্তাৱৰ তেওঁ ঘোৰ বিৰোধিতা কৰিছিল । তেওঁ ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, যাদৱ চন্দ্ৰ খাখলাৰী, খৰছিং তেৰাং আদি নেতাসকলৰ সৈতে মিলি মহম্মদ আলী জিন্না, লৰ্ড ৱাভেল আদিক সাক্ষাৎ কৰি এই প্ৰস্তাৱৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিছিল । ১৯৪৭ চনৰ আজিৰ দিনটোতে মাদ্ৰাজত তেওঁৰ দেহাৱসান ঘটে । জননেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক, শিক্ষাবিদ জ্ঞাননাথ বৰাৰ স্মৃতি দিৱস । ১৯২০ চনত তেওঁ আৰ্ল ল কলেজৰ পৰা বি এল ডিগ্ৰী লৈ তেওঁ প্ৰথমতে গুৱাহাটীতে ওকালতি কৰি ১৯২৭ চনত কলিকতালৈ গৈ ১৯৪৭ চনলৈ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰে । ১৯৫১ চনত তেওঁ গুৱাহাটীত ল কলেজৰ অধ্যক্ষ নিযুক্ত হয় আৰু ১৯৫৮ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ অসম ছাত্ৰ সন্মিলনৰ প্ৰধান সম্পাদক হৈছিল । গুৱাহাটী একতা সভাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল । ছাত্ৰাৱস্থাৰ পৰাই তেওঁ কবিতা লিখিবলৈ লয় আৰু ঊষা, বাঁহী, আৱাহন, মণিদীপ আদি আলোচনীত তেওঁৰ কবিতা প্ৰকাশ পায় । অসমত বিদেশী, যুগতত্ত্ব, অসমীয়া পুৰণি সাহিত্য, A Plea for Sanskrit as National Language আদি তেওঁৰ সাহিত্যকৃতি । ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৬৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।