নতুন দিল্লী টেলিভিছন চমুকৈ এনডিটিভিৰ পৰিচালন সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছে প্ৰাণয় ৰায় আৰু তেওঁৰ সাংবাদিক পত্নী ৰাধিকা ৰায়ে। দুয়োজনেই আছিল এনডিটিভিৰ প্ৰতিষ্ঠাপক। মঙলবাৰে সংবাদ মাধ্যম এনডিটিভিৰ হৈ এক বিবৃতিযোগে ষ্টক এক্সচেঞ্জত প্ৰণয় আৰু ৰাধিকাৰ পদত্যাগ সন্দৰ্ভত অৱগত কৰা হয়। একে সময়তে তেওঁলোকে লগতে কয় যে একেদিনাই তিনিজন নতুন পৰিচালক সুদীপ্ত ভট্টাচাৰ্য, সঞ্জয় পুগলিয়া আৰু সেনথিল চিনিয়া চেংগলভাৰায়নে পৰিচালনা গোটৰ ব’ৰ্ডত যোগদান কৰে।
সোমবাৰে ৰায় দম্পত্তীয়ে নিজৰ ৯৯.৫ শতাংশ শ্বেয়াৰ আদানী গ্ৰুপৰ মালিকানাধীন কোম্পানী এটালৈ হস্তান্তৰ কৰে। এনডিটিভিৰ অধ্যক্ষ প্ৰণয় আৰু কাৰ্যবাহী সঞ্চালক ৰাধিকা আছিল সেই পৰিচালনা কোম্পানী দুজন সঞ্চালক। আৰ আৰ পি আৰ এইচে শ্বেয়াৰ বিক্ৰী কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে দুয়োজনে পদত্যাগ কৰে।
যোৱা আগষ্ট মাহত আদানী গ্ৰুপে কৈছিল যে এন ডি টিভিৰ সংখ্যাগৰিষ্ঠ অংশ অতি সোনকালে তেওঁলোকৰ হাতত আহিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ ২৯ শতাংশ অংশীদাৰিত্ব লাভ কৰিব বুলিও ঘোষণা কৰে আদানীয়ে। যোৱা সোমবাৰে কাৰ্যকৰী কৰা হয় এই ঘোষণা। এনডিটিভিৰ মেনেজমেণ্ট কোম্পানী আৰ আৰ পি আৰ এইচে ৯৯.৫ শতাংশ অংশীদাৰিত্ব বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (ভিচিপিএল)ক বিক্ৰী কৰে। যাৰ মালিকীস্বত্ব আগষ্ট মাহত আদানী গ্ৰুপে ক্ৰয় কৰিছিল।
ভিচিপিএলে আদানীৰ সকলো মিডিয়া ব্যৱসায় চোৱাচিতা কৰা কোম্পানী এএমজি মিডিয়া নেটৱৰ্কছ ক্ৰয় কৰে। সেই ভিচিপিএলে পুনৰ ২০০৯ চনত এনডিটিভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব যিকোনো সময়তে অধিগ্ৰহণ কৰাৰ চৰ্তত আৰআৰপিএইচক ৪১৩ কোটি টকাৰ ঋণ প্ৰদান কৰে। আদনি গ্ৰুপে ভিচিপিএল অধিগ্ৰহণ কৰাৰ পিছত এনডিটিভিৰ সেই ২৯.১৮ শতাংশ অংশীদাৰিত্ব তেওঁলোকৰ হাতলৈ আহে। সোমবাৰে এনডিটিভিৰ পৰিচালনা সংস্থা আৰআৰপিআৰএইচঅ’ও আদানিৰ মালিকানাধীন কোম্পানীটোৰ অধীনলৈ আহে। এনডিটিভি আৰু ইয়াৰ পৰিচালনা কোম্পানী দুয়োটা আদানী গ্ৰুপৰ অধীনলৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোৰ তেওঁ গৰাকী হয় ৷
দৰাচলতে এনডিটিভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব থকাৰ পিছতো আদানীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ আৰু ২৬ শতাংশ অংশীদাৰিত্ব লাভৰ চেষ্টা আৰম্ভ কৰিছে। এই সন্দৰ্ভত শ্বেয়াৰ বজাৰতো মুকলি প্ৰস্তাৱ দিছে। উদ্দেশ্য হ’ল যিসকলৰ এনডিটিভিৰ সামান্য পৰিমাণৰ শ্বেয়াৰ আছে তেওঁলোকে সেই শ্বেয়াৰসমূহ নগদ ধনৰ বিনিময়ত আদানী গোটক বিক্ৰী কৰিব পাৰিব। প্ৰতিটো শ্বেয়াৰৰ মূল্য ২৯৪ টকা নিৰ্ধাৰণ কৰা হৈছে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰস্তাৱ ৫ ডিচেম্বৰলৈকে কাৰ্যকৰী হ’ব।