এজন অসমীয়া যুৱকৰ সফলতাৰ খবৰে গৌৰৱান্বিত কৰিছে প্ৰতিজন অসমীয়াকে ৷ শেহতীয়াকৈ সামাজিক মাধ্যমতো বহুল ভাৱে প্ৰচাৰ হৈছে এই যুৱক জনৰ কৃতিত্বৰ কথা ৷ যুৱকজন হ’ল গোলাঘাটৰ অনিমেষ বৰুৱা ৷
বৰ্তমান সময়ত অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেঁপাহেৰে দুৰ্ঘটনাত পতিত হৈও অনিমেষে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছটাকৈ অভিলেখ গঢ়িবলৈ সক্ষম হ’ল । অনিমেষৰ অভিলেখ সমুহৰ কৰ্মৰাজি আছিল মাত্ৰ ২৬.৮৯ ছেকেণ্ডৰ ভিতৰত মাতৃভাষা অসমীয়াত ১০০ৰ পৰা ১ লৈকে ওলোটাকৈ নেওতা সমাপ্ত কৰা আৰু নিজৰ হাতৰ মাত্ৰ এটা বুঢ়া আঙুলিকে ১ মিনিট সময়ৰ ভিতৰত ৫৬ বাৰ ক্ৰেকিং কৰা । ইয়াৰ জৰিয়তে অনিমেষ বৰুৱাই ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ, ৱৰ্ল্ডৱাইড বুক অব্ ৰেকৰ্ডছ, এছিয়া বুক অব্ ৰেকৰ্ডছ, আমেৰিকা বুক অব্ ৰেকৰ্ডছ, ব্ৰেভ ইন্টাৰনেচনেল বুক অব্ ৰেকৰ্ডছ আৰু ইন্টাৰনেচনেল বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসম আৰু অসমীয়া জাতিলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
সেয়েহে অনিমেষক কৃতজ্ঞতা জনাবলৈ প্ৰতিজন অসমীয়াকে অনুৰোধ জনাই বহুকেইটা ফেচবুক পে’জ,গোট নাইবা ব্যক্তিগত একাউণ্টৰ পৰাও এই সু-খবৰ প্ৰচাৰ কৰা হৈছে ৷ এজনে অনিমেষৰ এখন ফট’ আপলোড কৰি ক্ষোভ প্ৰকাশ কৰিছে যে এজন অসমীয়া যুৱকে ছটাকৈ অভিলেখ গঢ়িছে । কিন্তু আমাৰ মানুহে গমেই নাপায় । এজন মানুহে কৰা ভাল কাম এটাক আন এজন মানুহে উৎসাহিত কৰিলে মানুহজনে কাম কৰিবলৈ দুগুণ অনুপ্ৰেৰণা পায় । অসমীয়া মানুহে এনেও মানুহক স্বীকৃতি দিব নাজানে বুলি বদনাম এটা আছে । লগতে অনিমেষক অভিনন্দন জ্ঞাপন কৰি তেওঁ কৈছে যে অনিমেষ অসমীয়া জাতিৰ বাবে কহিনুৰ হীৰা ।
অনিমেষৰ এই যাত্ৰা অব্যাহত থাকক তাৰবাবে আমাৰ তৰফৰ পৰাও যাচিলোঁ আন্তৰেইক শুভকামনা ৷