প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত ভোটদান আৰম্ভ হৈছে। গুজৰাটৰ মুঠ ১৮২খন বিধানসভা আসনৰ ভিতৰত বৃহস্পতিবাৰে কুচ-সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ১৯খন জিলাৰ ৮৯খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই নির্বাচনত মুঠ ৭৮৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।
গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, পুৱা ৮ বজাৰ পৰা ১৪,৩৮২টা বুথত ভোটগ্ৰহণ আৰম্ভ হয়। সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ চলি থাকিব। মোদী-শ্বাহ ৰাজ্যৰ ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত ২ কোটি ৩৯ লাখ লোকে প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব। সোমবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব উত্তৰ আৰু মধ্য গুজৰাটৰ ৯৩টা সমষ্টিত। ৮ ডিচেম্বৰত ভোট গণনা কৰা হ’ব।
প্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা (জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী নেতা পৰেশ ধনানী (আমৰেলী, কংগ্ৰেছ), ‘গডমাদাৰ’ সন্তকবেনৰ পুত্ৰ আৰু ‘বাহুবলী’ৰ বিদায়ী বিধায়ক কন্ধল জাদেজা (কুটিয়ানা) আৰু আম আদমি পাৰ্টি।(ইউ পি)ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা টিভি উপস্থাপক ইছুদন গাড়বী (খাম্বলিয়া), ভাৰতীয় জনজাতি পাৰ্টিৰ নেতা তথা বিদায়ী বিধায়ক ছোতু বাসৱ (ঝাগড়িয়া)।
২০১৭ চনৰ বিধানসভা নিৰ্বাচনত এই ৮৯খন আসনৰ ভিতৰত ৪৮খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে ৪০খন আসনত জয়লাভ কৰে। পিছত কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰে। এইবাৰ ভোটৰ যুঁজ তিনিমুখীয়া। কংগ্ৰেছ আৰু বিজেপিৰ সমান্তৰালভাৱে অৰবিন্দ কেজৰিৱালৰ আপেও গুজৰাট নির্বাচনত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিছে । শেহতীয়াকৈ চুৰাটকে ধৰি একাংশ চহৰৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ পিছতে আপে দ্বিতীয় স্থান লাভ কৰিছে। এই নিৰ্বাচনত কেজৰিৱালে সমগ্ৰ গুজৰাটত ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল। তেওঁ দাবী কৰে যে বিধানসভা নিৰ্বাচনতো বিজেপিৰ মূল যুঁজ আপৰ সৈতে হ’ব।
প্ৰসংগক্ৰমে ২০১৭ চনৰ গুজৰাটত বিধানসভা নিৰ্বাচনত ৯৯খন আসন লাভ কৰি একেৰাহে পঞ্চমবাৰৰ বাবে বিজেপিয়ে ক্ষমতালৈ আহিছিল। কিন্তু ১৯৯০ চনৰ পিছত বিজেপিয়ে সৰ্বনিম্ন সংখ্যক আসন লাভ কৰিছিল। আনহাতে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৭৭খন আসন লাভ কৰি বহু ৰাজনৈতিক বিশ্লেষকক আচৰিত কৰি তুলিছিল। নিৰ্দলীয় আৰু আনসকলে ৬খন আসন লাভ কৰে। এইবাৰ ষষ্ঠবাৰৰ বাবে ক্ষমতালৈ ঘূৰি অহাৰ বাবে আশাবাদী বিজেপি।