দুধর্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ মুৰব্বীক হত্যা কৰা হৈছে ৷ নেতাজনৰ মৃত্যুৰ বাতৰি স্বীকাৰ কৰিছে সংগঠনটোৱে ৷ লগতে আইছিছে নতুন নেতাৰ নামো ঘোষণা কৰে। মাৰ্চ মাহত আবু আল হাছান আল হাছমি আল কুৰেছিয়ে নতুন নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
বুধবাৰে আইছিছৰ সংবাদ মাধ্যম আল ফুৰকানে এক অডিঅ’ বাৰ্তা প্ৰকাশ কৰে। য’ত নেতাজনৰ মৃত্যু হোৱা তথ্য আৰু নতুন নেতাৰ নাম উল্লেখ কৰা হৈছে ৷ সেই অডিঅ’ বাৰ্তাত আইচিচিৰ মুখপাত্ৰ আবু ওমৰ আল মুহাজেৰে কয় যে তেওঁলোকৰ নেতা আবু আল হাছান আল হাছমি আল কুৰেছিৰ সৰ্বশক্তিমান শত্ৰুৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে মৃত্যু হৈছে । কিন্তু আইছিছে ক’ত আৰু কাৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰে সেই কথা উল্লেখ কৰা হোৱা নাই।
উগ্ৰপন্থী সংগঠনটোৱে নতুন নেতাৰ নামো ঘোষণা কৰিছে। আইছিছৰ মুখপাত্ৰই জনোৱা মতে, আবু আল হাছান আল হাছমি আল কুৰেছিৰ পিছত আবু আল হুছেইন আল হুছেইনী আল কুৰেছিয়ে নতুন মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিব। কিন্তু তেওঁ কোন আৰু কি বিশেষত্বৰ বাবে তেওঁক এই পদলৈ অনা হৈছিল সেয়া জানিব পৰা হোৱা নাই ৷ পশ্চিমীয়া সংবাদ মাধ্যমতো আইছিছৰ নতুন মুৰব্বীক লৈ কোনো তথ্য় প্ৰকাশ কৰা হোৱা নাই ।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ মাৰ্চ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰিছিল যে উত্তৰ-পশ্চিম ছিৰিয়াত তেওঁলোকৰ সামৰিক অভিযানত আইছিছৰ নেতা আবু ইব্ৰাহিম আল-হাছিমি আল-কুৰেছী নিহত হৈছে। ইয়াৰ পিছত আবু আল হাছান আল হাছমি আল কুৰেছিয়ে উগ্ৰপন্থী সংগঠনটোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। কিন্তু ৯ মাহৰ ভিতৰতে তেওঁৰ মৃত্যু হয়।